নিউজ ডেস্ক, 25 জানুৱাৰী :তেলেংগানাত বৃহৎ পৰিমাণৰ ধনৰ সৈতে এজন চৰকাৰী কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰে দুৰ্নীতি বিৰোধী ব্যুৰো চমুকৈ এ চি বিৰ তেলেংগানা গোটে ৷ বুধবাৰে এ চি বিয়ে তেলেংগানাৰ ৰাজ্যিক ৰিয়েল ইষ্টেট নিয়ামক কৰ্তৃপক্ষ চমুকৈ টি এছ আৰ ই আৰ এৰ সচিব আৰু মেট্ৰ' ৰে'লৰ পৰিকল্পনা বিষয়া এছ বালাকৃষ্ণৰ বাসগৃত অভিযান চলাইছিল ৷ অভিযানৰ সময়ত বালাকৃষ্ণৰ বাসগৃতৰ পৰা 100 কোটিৰ সম্পত্তি জব্দ কৰিছে এ চি বিয়ে ৷
উল্লেখ্য যে, বালাকৃষ্ণ পূৰ্বে হায়দৰাবাদ মেট্ৰ'পলিটান ডেভেলপমেণ্ট অথৰিটিত নগৰ পৰিকল্পনাৰ সঞ্চালক বিষয়া হিচাপে কাম কৰিছিল । দুৰ্নীতি বিৰোধী সংস্থাটোৱে বুধবাৰে 14 টাকৈ স্থানত অভিযান চলাইছিল ৷ একে সময়তে বালাকৃষ্ণৰ ঘৰ, কাৰ্যালয়, তেওঁৰ আত্মীয়সকলৰ ঘৰৰ চৌহদতো অভিযান চলোৱা হৈছিল ৷
এই অভিযানৰ অন্তত দুৰ্নীতিবিৰোধী ব্যুৰোৱে 100 কোটি টকাৰো অধিক সম্পত্তি জব্দ কৰা হয় । বৰ্তমানলৈকে প্ৰায় 40 লাখ টকা নগদ ধন, 2 কিলোগ্ৰাম সোণ, স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিৰ নথিপত্ৰ, 60 টা ব্যয়বহুল হাতঘড়ী, 14 টা ম’বাইল ফোন আৰু 10 টা লেপটপ জব্দ কৰিছে অভিযানকাৰী দলটোৱে ৷