অসম

assam

ETV Bharat / bharat

খানৌৰী সীমান্তত আন এগৰাকী কৃষকৰ মৃত্যু - Delhi Chalo march

Farmers death in Khanauri: আৰক্ষী আৰু কৃষকৰ সংঘৰ্ষৰ সময়ত কন্দুৱা গেছ নিক্ষেপ কৰা হৈছিল । তেতিয়া স্বাস্থ্যৰ অৱনতি হৈছিল কৃষক দৰ্শন সিঙৰ । চিকিৎসাধীন অৱস্থাত কৃষকজনৰ মৃত্যু । পৰিয়ালক ক্ষতিপূৰণৰ দাবী কৃষক নেতাসকলৰ ।

Farmers death in Khanauri
খানৌৰী সীমান্তত আন এগৰাকী কৃষকৰ মৃত্যু

By ETV Bharat Assamese Team

Published : Feb 23, 2024, 2:10 PM IST

নেশ্যনেল ডেস্ক, ২৩ ফেব্ৰুৱাৰী :'দিল্লী চলো' প্ৰতিবাদৰ অংশ হিচাপে খানৌৰী সীমান্তত শ শ কৃষকে বাহৰ পাতি আছে । ইয়াৰ মাজতে খানৌৰী সীমান্তৰ পৰা আন এক হতাশাজনক খবৰ আহিছে । আৰক্ষীৰ কন্দুৱা গেছ নিক্ষেপৰ ফলত স্বাস্থ্য অৱনতি আন এগৰাকী কৃষকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে । দৰ্শন সিং নামৰ কৃষকজনৰ স্বাস্থ্যৰ অৱনতি হৈছিল আৰু অৱশেষত হৃদৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয় ।

উল্লেখ্য যে, কৃষকসকলে বিভিন্ন দাবীৰে 'দিল্লী চলো' কাৰ্যসূচীৰ ঘোষণা কৰিছিল । ইফালে, হাৰিয়ানা চৰকাৰে পাঞ্জাবৰ শম্ভু, খানৌৰী আদি সীমান্তত কৃষকসকলক বাধা দিয়াৰ চেষ্টা অব্যাহত ৰাখিছে । এই সময়ত সীমান্তবোৰত পৰিৱেশ উত্তেজনাপূৰ্ণ হৈ আছে ।

হাৰিয়ানা আৰক্ষীয়ে প্ৰতিবাদকাৰী কৃষকক লক্ষ্য কৰি কন্দুৱা গেছো নিক্ষেপ কৰিবলগীয়া হৈছে । এনে পৰিস্থিতিত বহুতো কৃষক আহত হৈছিল আৰু শেহতীয়াকৈ যুৱ কৃষক শুভকৰণ সিঙে প্ৰাণ হেৰুৱাইছিল । ইয়াৰ পিচত দৰ্শন সিং নামৰ কৃষকজনৰ মৃত্যুৰ খবৰে পুনৰ এবাৰ কৃষকসকলক উদ্বিগ্ন কৰি তুলিছে ।

সূত্ৰৰ মতে নিশা খানৌৰী সীমান্তত কৃষক আন্দোলনৰ সময়ত হৃদৰোগত আক্ৰান্ত হৈ বাথিণ্ডা জিলাৰ অমৰগড় গাঁৱৰ সমীপৰ গোনিয়ানাৰ কৃষকজনে মৃত্যুক আঁকোৱালি লয় । মৃত কৃষক দৰ্শন সিঙৰ বয়স প্ৰায় ৬২ বছৰ বুলি কোৱা হৈছে ।

জানিব পৰা মতে, কৃষকজন প্ৰথম দিনৰ পৰাই খানৌৰী সীমান্তত বাহৰ পাতি আছিল । ইফালে, হাৰিয়ানা আৰক্ষীয়ে নিক্ষেপ কৰা কন্দুৱা গেছৰ ফলতে কৃষকজনৰ মৃত্যু হোৱা বুলি দাবী কৰা হৈছে । স্বাস্থ্যৰ অৱনতি হোৱাৰ পিচত কৃষকজনক চিকিৎসাৰ বাবে পাথাৰলৈ লৈ যোৱা হৈছিল । তাৰ পৰা তেওঁক চৰকাৰী ৰজিন্দ্ৰ চিকিৎসালয়লৈ স্থানান্তৰিত কৰা হৈছিল য'ত তেওঁৰ মৃত্যু হয় ।

জানিব পৰা মতে, মৃত কৃষকজনৰ পুত্ৰই মাত্ৰ ১৫ দিন পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল । ৮ একৰ ভূমিৰ গৰাকী মৃত কৃষক দৰ্শন সিঙৰ ৮ লাখ টকাৰ ঋণ আছে । যাৰ বাবে কৃষক নেতাসকলে চৰকাৰক এই মৃত কৃষকজনৰ পৰিয়ালক সহায়ৰ বাবে দাবী জনাইছে ।

লগতে পঢ়ক :খানাউৰী সীমান্তত নিহত কৃষকৰ পৰিয়াললৈ পাঞ্জাব চৰকাৰৰ বৃহৎ ক্ষতিপূৰণ

ABOUT THE AUTHOR

...view details