তেজপুৰ, 3 এপ্ৰিল : শাৰিৰীক অক্ষমতাকো নেওচি কলকাতাৰ পঁয়ত্ৰিশ বছৰীয়া উদয় কুমাৰে পশ্চিম ছিকিমৰ কাঞ্চনজংঘা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰৰ মাউণ্ট ৰেনক (16,500 ফুট)ত সফলতাৰে আৰোহণ কৰা দলৰ অংশ হৈ এক উল্লেখযোগ্য কৃতিত্ব অৰ্জন কৰিছে ৷ দলটোৱে তাতেই আকৰ্ষণীয় 780 বৰ্গফুট জোখৰ আটাইতকৈ বৃহৎ ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখনো উন্মোচন কৰে ৷ এই কৃতিত্বৰে পৰ্বতাৰোহণৰ ইতিহাসত নিজৰ নাম লিপিবদ্ধ কৰি এক নতুন বিশ্ব অভিলেখ গঢ়ে আঁঠুৰ ওপৰত ৯১% শাৰীৰিক অক্ষমতা থকা উদয় কুমাৰে ৷ এই বিষয়ে জানিবলৈ দিয়ে প্ৰতিৰক্ষা মুখপাত্ৰ লে. কৰ্ণেল মহিন্দ্ৰ ৰাৱাটে ৷
দাৰ্জিলিঙৰ হিমালয়ান মাউণ্টেইনিং ইনষ্টিটিউটৰ উদ্যোগত হৈছিল এই অভিযান ৷ দলটোৰ নেতৃত্ব দিছিল গ্ৰুপ কেপ্টেইন জয় কিষাণে ৷ 5 মাৰ্চৰ পৰা আৰম্ভ হোৱা এই অভিযান 18 মাৰ্চত সমাপ্ত হয় ৷ মাউণ্ট ৰেনকৰ 75 ডিগ্ৰী কোণৰ শৃংগলৈ আৰোহণে অতিৰিক্ত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল, যাৰ ফলত তেওঁলোকৰ সাফল্য আৰু অধিক উল্লেখযোগ্য হৈ পৰিছিল ৷