নেশ্যনেল ডেস্ক,৩ ফেব্ৰুৱাৰী :মুখ্যমন্ত্ৰী নীতিশ কুমাৰে শনিবাৰে তেওঁৰ মন্ত্ৰীসকলক দপ্তৰ বিতৰণ কৰে । মুখ্যমন্ত্ৰীয়ে গৃহ, সাধাৰণ প্ৰশাসন, নিৰীক্ষণ, কেবিনেট সচিবালয় আৰু নিৰ্বাচনকে ধৰি বিভিন্ন বিভাগ নিজৰ হাতত ৰাখে । উপ-মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীক বিত্ত, বাণিজ্যিক কৰ, স্বাস্থ্য, ক্ৰীড়া, পঞ্চায়ত, নগৰ উন্নয়ন আৰু আৱাস, উদ্যোগ, পশু আৰু মীন সম্পদ আৰু আইন বিভাগৰ দায়িত্ব দিয়া হৈছে । দ্বিতীয়গৰাকী উপ-মুখ্যমন্ত্ৰী বিজয় সিনহাক পথ নিৰ্মাণৰ উপৰিও কৃষি, কুঁহিয়াৰ উদ্যোগ, খনি আৰু ভূতত্ত্ব, শ্ৰম, যুৱ আৰু কলা-সংস্কৃতি, লঘু জলসম্পদ আৰু জনস্বাস্থ্য অভিযান্ত্ৰিক বিভাগৰ দায়িত্ব দিয়া হয় ।
এইবাৰ শিক্ষা বিভাগ জেডিইউৰ কোটালৈ গৈছে । বিজয় চৌধুৰীক শিক্ষা, পৰিবহণ, জলসম্পদ, তথ্য আৰু জনসম্পৰ্ক আৰু গৃহ নিৰ্মাণ বিভাগৰ দায়িত্ব দিয়া হৈছে । আনহাতে বিজেন্দ্ৰ যাদৱক পুনৰ এবাৰ শক্তি বিভাগৰ দায়িত্ব দিয়া হৈছে । তেওঁক লগতে পৰিকল্পনা আৰু উন্নয়ন, আবকাৰী, গ্ৰাম্য পৰিক্ৰমা আৰু সংখ্যালঘু কল্যাণ বিভাগৰ দায়িত্ব দিয়া হৈছে ।