জোনাই:অসম-অৰুণাচল সীমান্তৰ অৰুণাচলৰ অয়ানত বসবাস কৰা মিচিং জনগোষ্ঠীৰ লোকসকলে পালন কৰিলে মিচিং জনগোষ্ঠীৰ একমাত্ৰ জাতীয় উৎসৱ আলি আঃয়ে লৃগাং । মিচিং জনগোষ্ঠীসকলে পূৰ্বৰে পৰা মানি অহা ৰীতি-নীতি অনুসৰি পুৱা বীজ সিঁচা, সমূহীয়া খাদ্য, গুমৰাগ চমান, ঐনিতম আদিৰে অয়ান গাঁৱৰ মুৰংঘৰৰ বাকৰিত গাঁৱৰ বোৱাৰী-জীয়ৰীসকলে গুমৰাগ নৃত্যৰে আকাশ-বতাহ ৰঙীন কৰি তোলে ।
মিচিং ভাষাত “আলি” মানে শস্যৰ বীজ, “আঃয়ে” মানে ফল আৰু “লৃগাং” মানে উৎসৱ । আলি আঃয়ে লৃগাং মানেই ফাগুন, ফাগুন মানেই আলি আঃয়ে লৃগাং ৷ আজি অৰুণাচলত থকা মিচিং জনগোষ্ঠীয় গাঁও অয়ানৰ লগতে অৰুণাচলৰ বিভিন্ন মিচিং গাঁৱত বিৰাজ কৰিছে এক উৎসৱমুখৰ পৰিবেশে ৷ গুমৰাগ চমান আৰু ঐনিতমৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে অৰুণাচল ৷ পুৱাৰে পৰা অৰুণাচলত থকা গাঁৱৰ মিচিং ডেকা-গাভৰু, বোৱাৰীৰ লগতে বয়োজ্যেষ্ঠসকলে একেলগে উদযাপন কৰিছে অতিকৈ আপোন তথা মিচিংসকলৰ জাতীয় উৎসৱ আলি আঃয়ে লৃগাং ৷
অসম আৰু অৰুণাচলৰ বিভিন্ন অঞ্চলত সিঁচৰতি হৈ থকা মিচিং জনগোষ্ঠীৰ লোকসকলে পূৰ্বতে যেতিয়া মদাৰ-শিমলু-কম্বং ফুলে, তেতিয়াই খেতি কৰা সময় আহি পৰিছে বুলি বিশ্বাস কৰি ফাগুন মাহ অহাৰ লগে লগে ১২ দিন বা ৭ দিনলৈ পালন কৰিছিল আলি আঃয়ে লৃগাং ৷
১৫ ফেব্ৰুৱাৰীত কিয় অৰুণাচলত পালন কৰা হয় আলি আঃয়ে লৃগাং :
ফাগুনৰ প্ৰথম বুধবাৰটো মিচিংসকলে শুভ দিন বুলি বিশ্বাস কৰে ৷ মিচিং বাঃনে কৌবিঙে ফাগুনৰ প্ৰথম বুধবাৰ দিনটো অসমত আলি আঃয়ে লৃগাং পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে যদিও অৰুণাচলৰ মিচিং জনগোষ্ঠীৰ লোকসকলে এটা নিৰ্দিষ্ট দিন ধাৰ্য কৰি ফেব্ৰুৱাৰীৰ ১৫ তাৰিখটোত আলি আঃয়ে লৃগাং উৎসৱ পালন পালন কৰে ৷
অৰুণাচল অয়ানত বসবাস কৰা মিচিং আৰু আদী লোকসকলে মিলি অৰুণাচলৰ চৰকাৰক আবেদন কৰি এটা নিৰ্দিষ্ট দিন নিৰ্ধাৰণ কৰি আলি আঃয়ে লৃগাং উদযাপনৰ বাবে চৰকাৰী বন্ধ ঘোষণা কৰাৰ বাবে আহ্বান জনায় ৷ সেইমতে অৰুণাচলত বসবাস কৰা মিচিং জনগোষ্ঠীৰ লোকসকলে ২০১৮ চনৰ পৰা ১৫ ফেব্ৰুৱাৰী দিনটোত আলি আঃয়ে লৃগাং পালন কৰি আহিছে ৷ গতিকে অৰুণাচল আৰু অসম দুয়োখন ৰাজ্যত বসবাস কৰা মিচিং জনগোষ্ঠীৰ লোকসকলে একেলগে প্ৰতি বছৰৰ ফ্ৰেব্ৰুৱাৰী মাহৰ ১৫ তাৰিখে আলি আঃয়ে লৃগাং উৎসৱটো পালন কৰিবলৈ আহ্বান জনাই অয়ান গাঁৱৰ গাঁওপ্ৰধানে ।