নেশ্যনেল ডেস্ক,২৩ জুন :পাঞ্জাবৰ বৰ্ণালাত লোমহৰ্ষক ঘটনা । এটা ঘৰৰ ভিতৰত উদ্ধাৰ ৩ গৰাকী লোকৰ মৃতদেহ । বৰ্ণালাৰ লাখাৰীৱালা চকৰ সংঘেৰা ৰোডৰ সমীপৰ ৰাম ৰাজ্য কলনীৰ ৩৫৩ নম্বৰ ঘৰত উদ্ধাৰ মৃতদেহ কেইটা । মৃতকৰ ভিতৰত আছে শিৰোমণি অকালি দলৰ এজন বিশিষ্ট নেতা কুলবীৰ সিং মানৰ । মানৰ মাতৃ আৰু কন্যাৰো মৃতদেহ উদ্ধাৰ হৈছে । আৰক্ষীয়ে সন্দেহ কৰা মতে কুলবীৰ সিং মানে প্ৰথমে মাতৃ আৰু কন্যাক গুলীয়াই হত্যা কৰিছে । তাৰ পিচত আত্মহত্যা কৰিছে । আনহাতে নেতাজনে পোহনীয়া কুকুৰটোকো গুলীয়াই হত্যা কৰে । খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় আৰু মৃতদেহকেইটা উদ্ধাৰ কৰে । আৰক্ষীয়ে মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰু তদন্ত অব্যাহত ৰাখিছে ।
উপ আৰক্ষী অধীক্ষক সতবীৰ সিঙে কয় যে কুলবীৰ সিঙৰ পত্নী ৰমনদীপ কৌৰে গাখীৰ আনিবলৈ বাহিৰলৈ গৈছিল । উভতি আহি তেওঁ ঘৰৰ গেটখন ভিতৰৰ পৰা বন্ধ হৈ থকা দেখিলে । তেওঁ লগে লগে কলনীৰ চকীদাৰজনক গেটখন খুলিবলৈ কয় ।
তাৰ পিচত পত্নীয়ে ঘৰত প্ৰৱেশ কৰে আৰু আচৰিত হৈ পৰে । এটা কোঠাত তেওঁৰ স্বামী কুলবীৰ সিং মানৰ আৰু কন্যাৰ মৃতদেহ পৰি আছিল । আনহাতে আন এটা কোঠাত তেওঁ শাহুয়েক আৰু পোহনীয়া কুকুৰৰ মৃতদেহ পৰি আছিল ।
আৰক্ষীৰ দলটোৱে ঘটনাস্থলীৰ পৰা কুলবীৰ সিঙৰ এটা পিষ্টল উদ্ধাৰ কৰিছে । যিটো পিষ্টলেৰে কুলবীৰে ৮৫ বছৰীয়া মাতৃ আৰু কন্যা আৰু কুকুৰটোক গুলীয়াইছিল । জানিব পৰা মতে সিঙৰ কন্যা কানাডাত শিক্ষা গ্ৰহণ কৰি আছিল আৰু বন্ধত বৰ্ণালাৰ ঘৰলৈ আহিছিল ।