অসম

assam

ETV Bharat / bharat

১৪১ গৰাকী যাত্ৰীসহ প্ৰায় ডেৰ ঘণ্টা মাজ আকাশতে উৰি থাকিল বিমান

AI Express emergency landing: শ্বাৰজাহ অভিমুখী এখন বিমানৰ কাৰিকৰী বিজুতি । বহু সময়ৰ পিছত পুনৰ তিৰুচিৰাপল্লীত জৰুৰী অৱতৰণ ।

By ETV Bharat Assamese Team

Published : Oct 12, 2024, 11:23 AM IST

AI Express emergency landing
কাৰিকৰী বিজুতি; প্ৰায় ডেৰ ঘণ্টা তামিলনাডুৰ আকাশতে উৰি থাকিল বিমান (ETV Bharat)

নেশ্যনেল ডেস্ক,১২ অক্টোবৰ : মাজ আকাশতে কাৰিকৰী বিজুতি এয়াৰ ইণ্ডিয়াৰ বিমানৰ । কথমপি ৰক্ষা পৰিল ১৪১ গৰাকী বিমানযাত্ৰী । এই ঘটনা তামিলনাডুৰ । ৰাজ্যখনৰ তিৰুচিৰাপল্লী বিমানবন্দৰৰ পৰা শ্বাৰজাহ অভিমুখী এখন বিমানৰ কাৰিকৰী বিজুতিৰ ফলত বিমানযাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় । পিছত বিমানখন সুৰক্ষিতভাৱে তিৰুচিৰাপল্লী বিমানবন্দৰত জৰুৰী অৱতৰণ কৰে ।

মুখ্যমন্ত্ৰী এম কে ষ্টালিনৰ তৎপৰতা

এই ঘটনাৰ পিচতে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনে বিষয়াসকলৰ সৈতে এক জৰুৰী বৈঠকত মিলিত হয় । যাত্ৰীসকলৰ সুবিধাৰ্থে তেওঁলোকক সকলো প্ৰয়োজনীয় সুৰক্ষা প্ৰটোকল কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিয়ে । এনে পৰিস্থিতিত বিমানখন সুৰক্ষিতভাৱে অৱতৰণ কৰি যাত্ৰীসকলৰ সুৰক্ষা নিশ্চিত কৰা বিমানখনৰ কেপ্টেইন আৰু কৰ্মচাৰীসকলক মুখ্যমন্ত্ৰীয়ে অভিনন্দনো জ্ঞাপন কৰে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে এক্সৰ এটা পোষ্টত লিখিছে,"#AirIndiaExpress বিমানখন সুৰক্ষিতভাৱে অৱতৰণ কৰিছে বুলি শুনি মই আনন্দিত হৈছো । লেণ্ডিং গিয়াৰৰ সমস্যাৰ বাতৰি পোৱাৰ পিছত, মই তৎক্ষণাৎ বিষয়াসকলৰ সৈতে ফোনযোগে এক জৰুৰী বৈঠকৰ আয়োজন কৰো আৰু তেওঁলোকক অগ্নি নিৰ্বাপক সেৱা, এম্বুলেন্স আৰু চিকিৎসা সাহায্যসহ সকলো প্ৰয়োজনীয় সুৰক্ষা ব্যৱস্থা কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিছিলো ।"

হাইড্ৰ'লিক প্ৰণালীৰ সমস্যা

জানিব পৰা মতে বিমানখনে সন্ধিয়া প্ৰায় ৫:৩০ বজাত তিৰুচিৰাপল্লীৰ পৰা উৰা মাৰিছিল । কিন্তু তাৰ ঠিক পিছতে হাইড্ৰ'লিক প্ৰণালীৰ সমস্যাই দেখা দিছিল । বিশেষকৈ লেণ্ডিং গিয়েৰৰ সৈতে থকা এই সমস্যা ধৰা পৰিছিল । অৱশ্যে বিমানখনৰ পাইলটসকলে অতি দক্ষতাৰে জৰুৰীকালীন অৱস্থাটো পৰিচালনা কৰে আৰু বিমানখন সুৰক্ষিতভাৱে পুনৰ তিৰুচিৰাপল্লী বিমানবন্দৰত অৱতৰণ কৰে ।

নিৰ্দিষ্ট প্ৰটোকল অনুসৰি অগ্নি নিৰ্বাপক বাহিনী, উদ্ধাৰকাৰী কৰ্মী আৰু এম্বুলেন্স বিমানবন্দৰলৈ প্ৰেৰণ কৰা হয় । ডিজিচিএয়েও পৰিস্থিতিটো নিবিড়ভাৱে নিৰীক্ষণ কৰি আছিল ।

ঘটনাৰ অনুসন্ধানৰ নিৰ্দেশ কেন্দ্ৰীয় মন্ত্ৰীৰ

অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে কয় যে ডিজিচিএয়ে উৰণৰ সময়ত হাইড্ৰ'লিক সমস্যাৰ কাৰণ জানিবলৈ এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ বিমানখন পৰীক্ষা কৰা হ'ব । অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰাম মোহন নাইডু কিঞ্জাৰাপুৱে কয়, "হাইড্ৰ'লিক সমস্যাৰ প্ৰকৃত কাৰণ জানিবলৈ ডিজিচিএক বিমানখনৰ পুংখানুপুংখ অনুসন্ধান কৰিবলৈ নিৰ্দেশ দিয়া হৈছে । ইয়াৰ লগতে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছক যাত্ৰীসকলক তেওঁলোকৰ পৰৱৰ্তী যাত্ৰাৰ বাবে বৈকল্পিক ব্যৱস্থাসহ সকলো প্ৰয়োজনীয় সহায় আগবঢ়োৱাৰ পৰামৰ্শ দিয়া হৈছে ।"

লগতে পঢ়ক :মালবাহী ট্ৰেইনত খুন্দা মাৰি বাগৰি পৰিল ৰে’লৰ দবা, কেইবাজনো যাত্ৰী আহত

ABOUT THE AUTHOR

...view details