নিউজ ডেস্ক, ১৬ জুুন:কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেওবাৰে জম্মু সংমণ্ডলৰ অধীনৰ এলেকাৰ আধিপত্য বিস্তাৰ আৰু সন্ত্ৰাসবাদীৰ পৰিকল্পনা নিৰ্মূলৰ জৰিয়তে কাশ্মীৰ উপত্যকাত লাভ কৰা সফলতাৰ পুনৰাবৃত্তি কৰিবলৈ নিৰ্দেশ দিয়ে কৰিবলৈ নিৰাপত্তা সংস্থাসমূহক নিৰ্দেশ দি কয় যে, চৰকাৰে উদ্ভাৱনী পদ্ধতিৰে সন্ত্ৰাসবাদীক দমন কৰি আদৰ্শ দাঙি ধৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ ।
শেহতীয়াকৈ অঞ্চলটোত সংঘটিত কেইবাটাও সন্ত্ৰাসবাদৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত দেওবাৰে দেশৰ ৰাজধানীত গৃহমন্ত্ৰীৰ সভাপতিত্বত জম্মু-কাশ্মীৰৰ নিৰাপত্তা পৰিস্থিতিৰ ওপৰত এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয় ৷
লগতে পঢ়ক:ন্যস্ত স্বাৰ্থৰে জম্মু অঞ্চললৈ বিদেশী সন্ত্ৰাসবাদীক পঠাইছে পাকিস্তানে: জম্মু-কাশ্মীৰৰ আৰক্ষী সঞ্চালক প্ৰধান - Reasi bus terror attack
সভাত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহা, সেনাৰ মুৰব্বী জেনেৰেল মনোজ পাণ্ডে, কেন্দ্ৰীয় গৃহ সচিব, চোৰাংচোৱা ব্যুৰ’ৰ সঞ্চালক, সেনা মুৰব্বী (নিৰ্দিষ্ট) লেফটেনেণ্ট জেনেৰেল উপেন্দ্ৰ দ্বিবেদীকে ধৰি সেনাবাহিনীৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে ৷ লগতে চিএপিএফৰ সঞ্চালক প্ৰধান, জম্মু-কাশ্মীৰৰ ডিজিপি মুখ্য সচিব আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকলো এই বৈঠকত উপস্থিত থকা দেখা যায় ।
শ্বাহে সকলো নিৰাপত্তা সংস্থাক মিছন মোডত কাম কৰিবলৈ আৰু সমন্বিতভাৱে দ্ৰুত সঁহাৰি নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে । তেওঁ কয় যে জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ নিৰ্ণায়ক পৰ্যায়ত আছে । তেওঁ লগতে কয় যে শেহতীয়া কাণ্ডসমূহে দেখুৱাইছে যে সন্ত্ৰাসবাদ অতি সংগঠিত সন্ত্ৰাসবাদী হিংসাৰ কাৰ্যৰ পৰা কেৱল প্ৰক্সি যুদ্ধলৈ সংকুচিত হ’বলৈ বাধ্য হৈছে । তেওঁ জোৰ দি কয় যে চৰকাৰো ইয়াৰ শিপা উঘালিবলৈ বদ্ধপৰিকৰ ।
লগতে পঢ়ক:নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত জম্মু-কাশ্মীৰত নিহত দুই সন্ত্ৰাসবাদী; শ্বহীদ চি আৰ পি এফ জোৱান - 2 militants killed in JK
অমিত শ্বাহে নিৰাপত্তা সংস্থাসমূহৰ মাজত নিৰৱচ্ছিন্ন সমন্বয়, দুৰ্বল অঞ্চল চিনাক্তকৰণ আৰু এনে অঞ্চলৰ নিৰাপত্তাজনিত উদ্বেগসমূহৰ সমাধানৰ ওপৰত গুৰুত্ব আৰোপ কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীল নীতিৰ কথা পুনৰবাৰ উল্লেখ কৰি গৃহমন্ত্ৰীগৰাকীয়ে কয় যে জম্মু-কাশ্মীৰৰ পৰা সন্ত্ৰাসবাদক উভালি পেলোৱাৰ ক্ষেত্ৰত চৰকাৰে কোনো আপোচ নকৰে ।
তেওঁ কয় যে ভাৰত চৰকাৰৰ প্ৰচেষ্টাই কাশ্মীৰ উপত্যকাত সন্ত্ৰাস সম্পৰ্কীয় ঘটনা যথেষ্ট হ্ৰাস পোৱাৰ লগে লগে বৃহৎ ইতিবাচক ফলাফল দিছে । তেওঁ উল্লেখ কৰে যে কাশ্মীৰ উপত্যকাত পৰ্যটকৰ অভিলেখ সংখ্যক আগমনে আইন-শৃংখলাৰ পৰিস্থিতিৰ উন্নতিক প্ৰতিফলিত কৰিছে । শ্বাহে জম্মু-কাশ্মীৰত অভিলেখসংখ্যক ভোটাৰৰ ভোটদানৰ সাক্ষী হোৱা লোকসভা নিৰ্বাচন সফল পৰিচালনাৰ বাবে নিৰাপত্তা সংস্থা আৰু প্ৰশাসনৰ শলাগ লয় ।
লগতে পঢ়ক:তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া বাছত সন্ত্ৰাসবাদীৰ গুলীচালনা: 9 জন নিহত, 33 জন আহত - Terrorists Attack
চলিত মাহৰ আৰম্ভণিতে জম্মু-কাশ্মীৰৰ ৰিয়াছি, কাঠুৱা আৰু ডোডা জিলাৰ চাৰিটা স্থানত সন্ত্ৰাসবাদীয়ে চলোৱা আক্ৰমণত ৯ জন তীৰ্থযাত্ৰী আৰু এজন চি আৰ পি এফৰ জোৱান নিহত হোৱাৰ লগতে ৭ জন নিৰাপত্তাৰক্ষীৰ লগতে কেইবাজনো আহত হয় । কাঠুৱা জিলাত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা মুখামুখি দুজন সন্দেহযুক্ত পাকিস্তানী সন্ত্ৰাসবাদীও নিহত হয় । যোৱা ৯ জুনত শিৱ খোৰি মন্দিৰৰ পৰা কাটৰাৰ মাতা বৈষ্ণো দেৱী মন্দিৰলৈ যোৱাৰ পথত ৫৩ গৰাকী তীৰ্থযাত্ৰী কঢ়িয়াই অনা বাছত সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰে ।
উত্তৰ প্ৰদেশ, ৰাজস্থান আৰু দিল্লীৰ পৰা অহা তীৰ্থযাত্ৰীক লৈ যোৱা বাছখন গুলীচালনাৰ পিচতে দ খাৱৈত পৰে আৰু ৯ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৪১ জন লোক আহত হয় । যোৱা ১১ জুনত ভাদেৰৱাহৰ চেটাৰগাল্লাত ৰাষ্ট্ৰীয় ৰাইফলছ আৰু আৰক্ষীৰ যৌথ তালাচী চকীত সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰাৰ বিপৰীতে ১২ জুনত ডোডা জিলাৰ গাণ্ডোহ অঞ্চলৰ এটা তালাচী দলক আক্ৰমণ কৰাত এজন আৰক্ষী সহ ৭ জন নিৰাপত্তাৰক্ষী আহত হয় ।
লগতে পঢ়ক:তীৰ্থযাত্ৰালৈ গৈ মৃতদেহ হৈ উভতিল; ১১ টা মৃতদেহ একেলগে দেখি হতবাক গাঁওবাসী - Jammu bus accident