অসম

assam

ETV Bharat / bharat

মণিপুৰত ২ প্ৰব্ৰজনকাৰী শ্ৰমিকক হত্যাৰ অভিযোগত ৮ উগ্ৰপন্থীক গ্ৰেপ্তাৰ - 8 MILITANT ARRESTED IN MANIPUR

কে চি পি হৈছে নিষিদ্ধ সংগঠন কাংলেইপাক কমিউনিষ্ট পাৰ্টীৰ গোট । এই গোটটোৰ বিৰুদ্ধে ইম্ফল উপত্যকাত ধনদাবী আৰু অন্যান্য অপৰাধত জড়িত থকাৰ অভিযোগ ।

8 Militant arrested in Manipur
প্ৰতিনিধিত্বমূলক ছবি (ETV Bharat)

By ETV Bharat Assamese Team

Published : Dec 17, 2024, 1:29 PM IST

ইম্ফল :শেহতীয়াকৈ বিহাৰৰ দুজন প্ৰব্ৰজনকাৰী শ্ৰমিকক হত্যা সন্দৰ্ভত মণিপুৰৰ কাকচিং জিলাৰ পৰা নিষিদ্ধ উগ্ৰপন্থী সংগঠন কাংলেইপাক কমিউনিষ্ট পাৰ্টী (পিপ'লছ ৱাৰ গ্ৰুপ)ৰ ৮ কেডাৰক গ্ৰেপ্তাৰ কৰা হৈছে । আৰক্ষী সূত্ৰই মঙলবাৰে এই কথা জানিবলৈ দিয়ে ।

আৰক্ষীৰ এক বিবৃতিত কোৱা হৈছে যে শ্ৰমিক দুজনৰ হত্যাত জড়িত লোকসকলক আটক কৰিবলৈ ১৪ ডিচেম্বৰত সমগ্ৰ মণিপুৰত তালাচী অভিযান আৰম্ভ কৰা হৈছিল । ইয়াৰ পিছত সোমবাৰে কাকচিং লামখাই অঞ্চলৰ পৰা প্ৰথমে নিষিদ্ধ সংগঠনটোৰ এজন সক্ৰিয় সদস্যক আটক কৰা হয় ।

"তেওঁৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত আৰক্ষীৰ এটা দলে কাকচিং মামং চিং লাইফাম লোকনুং অঞ্চলত অৱস্থিত এটা শিবিৰত তালাচী চলায় আৰু তাৰ পৰা কে চি পি (পি ডব্লিউ জি)ৰ আৰু সাতজন কেডাৰক গ্ৰেপ্তাৰ কৰে ।" আৰক্ষীয়ে কয় ।

তেওঁলোকৰ পৰা অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদৰ লগতে ১০ টা মোবাইল ফোন উদ্ধাৰ কৰা বুলি আৰক্ষীৰ বিবৃতিত কোৱা হৈছে । কে চি পি (পি ডব্লিউ জি) হৈছে নিষিদ্ধ সংগঠন কাংলেইপাক কমিউনিষ্ট পাৰ্টীৰ এটা গোট, যাৰ বিৰুদ্ধে ইম্ফল উপত্যকাত ধনদাবী আৰু অন্যান্য অপৰাধত জড়িত থকাৰ অভিযোগ আছে । মুখ্যমন্ত্ৰী এন বীৰেন সিঙে মণিপুৰৰ কাকচিং জিলাৰ বিহাৰৰ যুৱক তথা দুই ভাতৃ সুনালাল কুমাৰ (১৮) আৰু দশৰথ কুমাৰ (১৭)ক নিৰ্মমভাৱে হত্যাৰ ঘটনাক ইতিমধ্যে গৰিহণা দিছে ।

তেওঁ কয়, "সন্ত্ৰাসবাদৰ এই কাৰ্য আমাৰ মূল্যবোধৰ ওপৰত পোনপটীয়া আক্ৰমণ । তেওঁলোকৰ শোকসন্তপ্ত পৰিয়াললৈ মোৰ গভীৰ সমবেদনা ।" আনহাতে, মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ ১০ লাখ টকাৰ অনুদান ঘোষণা কৰি কয় যে প্ৰয়োজন হ'লে গোচৰটো এন আই এলৈ হস্তান্তৰ কৰা হ'ব ।

লগতে পঢ়ক :বিহাৰৰ শ্ৰমিকক হত্যা;কঠোৰ ভাষাৰে গৰিহণা মুখ্যমন্ত্ৰীৰ - MANIPUR MIGRANT WORKERS KILLED
লগতে পঢ়ক :মণিপুৰত দুই প্ৰব্ৰজনকাৰী শ্ৰমিকক হত্যা - MANIPUR MIGRANT WORKERS KILLED

ABOUT THE AUTHOR

...view details