নেশ্যনেল ডেস্ক, 8 মে’ : তেলেংগানাত ধাৰাসাৰ বৰষুণে বিধ্বংসী ৰূপ ধাৰণ কৰিছে । ধুমুহা-বতাহৰ লগতে বৰষুণৰ ফলত হায়দৰাবাদৰ কেইবাটাও অঞ্চলত বিস্তৰ ক্ষতিসাধন হৈছে ৷ প্ৰবল বৃষ্টিপাতৰ ফলত হায়দৰাবাদৰ বসুপল্লীত এখন দেৱাল খহি পৰে ৷ ফলত সাতজন লোক থিতাতে মৃত্যুমুখত পৰে ।
জানিব পৰা মতে, মঙলবাৰে সন্ধিয়া ৰেণুকা য়েল্লাম্মা কলনীত বৰষুণৰ বাবে দেৱালখন খহি পৰিছিল । খবৰ পোৱাৰ পিচতেই আৰক্ষীৰ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে । এই উদ্ধাৰ অভিযান মঙলবাৰে নিশাৰ পৰা বুধবাৰে পুৱালৈকে অব্যাহত আছে ৷
উদ্ধাৰকাৰী কৰ্মীয়ে প্ৰকাশ কৰা অনুসৰি, ভগ্ন দেৱালৰ তলৰ পৰা সাতটা মৃতদেহ উদ্ধাৰ কৰা হৈছে । সম্প্ৰতি মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে গান্ধী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । মৃত ব্যক্তিসকলক ওড়িশা আৰু ছত্তিশগড়ৰ বাসিন্দা বুলি চিনাক্ত কৰা হৈছে । তেওঁলোক ক্ৰমে তিৰুপতি ৰাও মাজজী(20), শংকৰ(22), ৰাজু(25), খুশীৰাম যাদৱ(34), গীতা(32) আৰু হিমাংশু (14) বুলি চিনাক্ত কৰা হৈছে ।
শেহতীয়াকৈ বিষয়াসকলে জনোৱা অনুসৰি, ঘটনাটোত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ৷