নেশ্যনেল ডেস্ক, ৩০ এপ্ৰিল :হিমাচল প্ৰদেশৰ কুলু জিলাত সোমবাৰৰ পৰা নামনি অঞ্চলত প্ৰচণ্ড বৰষুণৰ সমান্তৰালকৈ পাহাৰীয়া অঞ্চলবোৰত তীব্ৰ তুষাৰপাত অব্যাহত আছে । এনে পৰিস্থিতিত পৰ্যটন চহৰ মানালীৰ কাষত থকা অটল সুৰংগতো সন্ধিয়া ৭ ইঞ্চি পৰ্যন্ত তুষাৰপাত হোৱা দেখা যায় । যাৰ বাবে তুষাৰপাত উপভোগ কৰিবলৈ অহা ১০০০ তকৈও অধিক বাহন সুৰংগত আৱদ্ধ হৈ থাকে । এই বাহনবোৰত ৬০০০ তকৈও অধিক পৰ্যটক আছিল ।
অটল সুৰংগৰ সমীপত তুষাৰপাতৰ ফলত বাহনসমূহ আৱদ্ধ হোৱাৰ খবৰ পোৱাৰ লগে লগে মানালী আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয় । তেওঁলোকে উদ্ধাৰ অভিযান আৰম্ভ কৰে আৰু নিশালৈ আৰক্ষীয়ে পৰ্যটকসহ সকলো বাহন উলিয়াই আনিবলৈ সক্ষম হয় । প্ৰকৃততে, পৰ্যটকসকলে তুষাৰপাত উপভোগ কৰিবলৈ অটল সুৰংগৰ মাজেৰে লাহৌলৰ বিভিন্ন অঞ্চললৈ ৰাওনা হৈছিল । কিন্তু সন্ধিয়া তুষাৰপাত তীব্ৰতৰ হৈছিল । যাৰ ফলত পথছোৱা অধিক বিপদজনক হৈ পৰে ।