নিউজ ডেস্ক, ৩ আগষ্ট :কলম্বোস্থিত ভাৰতীয় উচ্চ আয়োগৰ দ্বাৰা মুকলি কৰা ২১ জন ভাৰতীয় মাছমৰীয়া শনিবাৰে পুৱা চেন্নাই বিমানবন্দৰত উপস্থিত হয় । "ঘৰলৈ উভতিছো ! ২১ ভাৰতীয় মাছমৰীয়াক সফলতাৰে প্ৰত্যাৱৰ্তন কৰা হৈছে আৰু কলম্বোৰ পৰা চেন্নাইলৈ গৈ আছে ।" শ্ৰীলংকাৰ কলম্বোত থকা ভাৰতীয় উচ্চ আয়োগৰ অফিচিয়েল এক্স হেণ্ডেলৰ পোষ্টত এনেদৰে কোৱা হৈছে ।
উল্লেখ্য যে, বৃহস্পতিবাৰে শ্ৰীলংকাত থকা ভাৰতীয় উচ্চ আয়োগ আৰু জাফনাৰ কনছুলেট জেনেৰেলে শ্ৰীলংকাত বন্দী হৈ থকা ২০ জন মাছমৰীয়াক মুকলি কৰে ।
"শ্ৰীলংকা চৰকাৰ কৰ্তৃপক্ষৰ সহযোগত শ্ৰীলংকাত থকা ভাৰতৰ উচ্চ আয়োগ আৰু জাফনাৰ কনছুলেট জেনেৰেলে ২০ জন ভাৰতীয় মাছমৰীয়াক মুক্তি প্ৰদান কৰে । উপ উচ্চায়ুক্ত ড৹ সত্যঞ্জল আৰু অন্যান্য বিষয়াসকলে আজি মাছমৰীয়াসকলক সাক্ষাৎ কৰি তেওঁলোকৰ খবৰ লয় আৰু এদিনৰ ভিতৰত তেওঁলোকক প্ৰত্যাৱৰ্তনৰ আশ্বাস দিয়ে ।" ভাৰতীয় উচ্চ আয়োগে শুকুৰবাৰে এক পোষ্টত কয় ।
আনহাতে, শ্ৰীলংকান নৌ-জাহাজৰ সৈতে সংঘৰ্ষৰ ফলত ডুব যোৱা ভাৰতীয় নাওখনত থকা চাৰিজনৰ ভিতৰত দুজন মাছমৰীয়াক জাফনাৰ ভাৰতীয় কনছুলেট জেনেৰেলৰ বিষয়াসকলে কায়টছ আৰক্ষী থানাত সাক্ষাৎ কৰে । ভাৰতীয় কনছুল জেনেৰেল সাই মূৰলীয়ে মাছমৰীয়া মুথুমুনিয়াণ্ডু আৰু মুকায়াৰ স্বাস্থ্যৰ বুজ লয় ।