নেশ্যনেল ডেস্ক,২৯ ফেব্ৰুৱাৰী: ১৯৯৩ চনৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায় প্ৰদান আজমীৰৰ টাডা আদালতৰ । আদালতে ২৩ ফেব্ৰুৱাৰীত ৰায় সংৰক্ষিত ৰাখিছিল আৰু বৃহস্পতিবাৰে, আদালতে এই গোচৰটোত আব্দুল কৰিম টুণ্ডাক নিৰ্দোষী সাব্যস্ত কৰিছে । টুণ্ডা গোচৰটোৰ মূল অভিযুক্ত আছিল ।
আজমীৰৰ টাডা আদালতে টুণ্ডাক নিৰ্দোষী সাব্যস্ত কৰে আৰু ১৯৯৩ চনৰ ধাৰাবাহিক বিস্ফোৰণৰ গোচৰত আন দুজন অভিযুক্ত ক্ৰমে ইৰফান আৰু হামিদুদ্দিনক শাস্তি প্ৰদান কৰে । ১৯৯৩ চনৰ ৬ ডিচেম্বৰত অযোধ্যাৰ বাবৰি মছজিদ ধ্বংস হোৱাৰ পিচত কোটা, লক্ষ্ণৌ, হায়দৰাবাদ, চুৰাট, কানপুৰ আৰু মুম্বাইত ধাৰাবাহিক বিস্ফোৰণে দেশ কঁপাই গৈছিল । চিবিআইয়ে টুণ্ডাক এই বিস্ফোৰণৰ মাষ্টাৰমাইণ্ড হিচাপেও বিবেচনা কৰিছিল আৰু তেওঁক ২০১৩ চনত নেপাল সীমান্তৰ পৰা গ্ৰেপ্তাৰ কৰিছিল ।
১৯৯৩ চনৰ ৬ ডিচেম্বৰত বাবৰি মছজিদ ধ্বংসৰ প্ৰথম বাৰ্ষিকীত ভাৰতৰ ৫ খন মুখ্য চহৰত বোমা বিস্ফোৰণ হৈছিল । এই গোচৰটোৰ শুনানি আজমীৰৰ টাডা আদালতত হৈছিল । এই সময়ছোৱাত, আদালতত ৫৭০ গৰাকী সাক্ষীৰ ভাষ্য সংগ্ৰহ কৰা হৈছিল । দুয়োপক্ষৰ ভাষ্য শুনাৰ পিচত টাডা আদালতে টুণ্ডাক নিৰ্দোষী সাব্যস্ত কৰে ।