আগৰতলা:অহা ২৯ জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া ১৬ সংখ্যক বিত্ত আয়োগৰ আগন্তুক ভ্ৰমণৰ বাবে সাজু হৈছে ত্ৰিপুৰা চৰকাৰ । বিত্ত বিভাগৰ অতিৰিক্ত সচিব অকিঞ্চন সৰকাৰে কয় যে আয়োগৰ তিনিদিনীয়া ভ্ৰমণ ৩১ জানুৱাৰীত সমাপ্ত হ’ব ৷ ১ ফেব্ৰুৱাৰীত তেওঁলোকৰ যাত্ৰা নিৰ্ধাৰণ কৰা হৈছে ।
অকিঞ্চন সৰকাৰে কয়, “১৬সংখ্যক বিত্ত আয়োগ আহি আছে । ২৯ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰীলৈ তিনিদিনীয়া ভ্ৰমণৰ বাবে আয়োগ উপস্থিত হ’ব । ১ ফেব্ৰুৱাৰীত তেওঁলোক ইয়াৰ পৰা যাত্ৰা কৰিব । সকলো স্তৰতে প্ৰস্তুতি পূৰ্ণগতিত চলি আছে আৰু সকলো জিলাতে সভা অনুষ্ঠিত কৰি মসৃণ কাৰ্যবিধি নিশ্চিত কৰা হৈছে ।” অধ্যক্ষ ড৹ অৰবিন্দ পানাগাৰিয়াৰ নেতৃত্বত গঠিত উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলটোত সদস্য অজয় নাৰায়ণ ঝা, এনি জৰ্জ মেথিউ, মনোজ পাণ্ডা, সৌম্যকান্তি ঘোষ, সম্পাদক হৃত্বিক পাণ্ডে উপস্থিত থাকিব ।"
লগতে পঢ়ক: বাংলাদেশৰ এটা মথাউৰি হৈ পৰিছে ত্ৰিপুৰাৰ বাবে চিন্তাৰ কাৰণ