thumbnail

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত দৃষ্টি আকৰ্ষণ কৰিছে এগৰাকী ছাত্ৰীয়ে

By

Published : Feb 26, 2022, 1:27 PM IST

Updated : Feb 3, 2023, 8:17 PM IST

শুকুৰবাৰৰ পৰা নাহৰকটীয়া ৰাঙলী পথাৰৰ ককা বাগ্মীবৰ নীলমণি ফুকন সমন্বয় ক্ষেত্ৰত তিনিদিনীয়া কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 91 সংখ্যক অধিৱেশন ইতিমধ্যে আৰম্ভ হৈছে (91st Annual Session of srimanta Sankardev Sangha)৷ অধিৱেশনৰ দ্বিতীয় দিনতো দেশ-বিদেশৰ শ্ৰীমন্ত শঙ্কৰদেৱৰ আদৰ্শৰে অনুপ্ৰাণিত ভক্তসকল আহি অধিৱেশনস্থলীৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়(Srimanta Sankardev Sangha Adhibeshan at Naharkatia )৷ সম্প্ৰতি এই অধিৱেশনস্থলীত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ছাত্ৰীয়ে(An unique art by a Student) ৷ শিৱসাগৰ ছোৱালীৰ মহাবিদ্যালয়ৰ ছাত্ৰী নিমিষা কাকতিয়ে পেলনীয়া তামোলৰ ঢকুৱাত মুখ্যমন্ত্ৰীৰ পৰা অসম বিধান সভাৰ অধ্যক্ষ,বিধায়কৰ লগতে শংকৰদেৱ সংঘৰ পূৰ্বৰ পৰা বৰ্তমানলৈ পদাধিকাৰ সকলৰ চিত্ৰ অংকন কৰি সকলোৰে সমাদৰ লাভ কৰিছে ৷ এই ছাত্ৰীগৰাকীয়ে ইতিমধ্যে ইণ্ডিয়ান বুক অৱ ৰেকৰ্ড কৰিবলৈও সক্ষম হৈছে ৷
Last Updated : Feb 3, 2023, 8:17 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.