Youth missing in Nalbari: নলবাৰীত ব'ল ব'মলৈ গৈ পাগলাদিয়াত উটি গ'ল যুৱক

By

Published : Jul 25, 2022, 2:08 PM IST

Updated : Jul 25, 2022, 2:35 PM IST

thumbnail
নলবাৰীত সোমবাৰে সংঘটিত হয় এক অঘটন । ব'ল ব'মলৈ গৈ পাগলাদিয়াত উটি গ'ল এজন ১৮ বছৰীয়া যুৱক । জানিব পৰা মতে, নলবাৰীৰ বৰভাগৰ কমাৰকুছিত ব'ল ব'মলৈ গৈছিল যুৱকজন ৷ ইয়াৰ পিছতে পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে পাগলাদিয়া নদীত পানী উঠাবলৈ গৈ পানীৰ কোবাল সোঁতত উটি যায় যুৱকজন(Youth missing in Nalbari) । বৰ্তমানেও সন্ধানহীন হৈ আছে যুৱকজন । নিখোঁজ হোৱা যুৱকজন আৰিকুছিৰ মধু দাস বুলি জানিব পৰা গৈছে । সম্প্ৰতি ঘটনাস্থলীত SDRF বাহিনীৰ লোক উপস্থিত হৈ যুৱকজনৰ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ।
Last Updated : Jul 25, 2022, 2:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.