দলগাঁও আৰক্ষীৰ জালত নাৰী সৰবৰাহকাৰী - Minor Girls rescued from Chennai
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16168740-thumbnail-3x2-guifgh.jpg)
দলগাঁও আৰক্ষীৰ জালত নাৰী সৰবৰাহকাৰী (Woman trafficker arrested)। নাৰী সৰবৰাহকাৰী চক্ৰৰ লগত জড়িত বাবুল আলীক গ্ৰেপ্তাৰ । ঘটনাৰ বিৱৰণী মতে, ওদালগুৰি জিলাৰ ৰৌতা আৰক্ষী থানাৰ অন্তৰ্গত ২ নং মাধৱ গোহাঁই গাঁৱৰ তিনি কিশোৰী যোৱা ১৩ আগষ্টত দলগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বেছিমাৰীৰ স্কুললৈ যোৱাৰ সময়ত সন্ধানহীন হৈছিল । ঘটনা সন্দৰ্ভত সন্ধানহীন হোৱা কিশোৰীৰ পৰিয়ালে দলগাঁও থানাত দাখিল কৰিছিল এজাহাৰ । এজাহাৰৰ ভিত্তিত দলগাঁও আৰক্ষীয়ে তদন্ত চলায় ৷ তদন্তত তিনি গৰাকী কিশোৰী চেন্নাইত থকা বুলি সন্ধান লাভ কৰে আৰক্ষীয়ে ৷ পিছত দৰং জিলা আৰক্ষী অধীক্ষকৰ সহযোগত দলগাঁও আৰক্ষীয়ে চেন্নাই আৰক্ষীৰ সহযোগত কিশোৰীক তিনি গৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় (Minor Girls rescued from Chennai) ৷ লগতে গ্ৰেপ্তাৰ কৰে বাবুল আলী নামৰ এজন যুৱকক । সম্প্ৰতি দলগাঁও আৰক্ষীৰ জিম্মাত আছে অভিযুক্ত বাবুল আলী ।