জলকেলি কৰিবলৈ গৈ হদহদী জলপ্ৰপাতত সলিল সমাধি দুই যুৱকৰ

By

Published : Apr 17, 2022, 7:37 PM IST

thumbnail

নগাঁৱৰ চামগুৰিত আকৌ মৃত্যুৰ কিৰিলি ৷ অসমীয়া নৱবৰ্ষৰ তৃতীয় দিনাই নগাঁৱৰ চামগুৰিৰ লুংচুঙৰ হদহদী জলপ্ৰপাতত সলিল সমাধি দুজন যুৱকৰ (Two Boys Death By Drowning At Hadhadi Waterfall)। তথ্য অনুসৰি, নগাঁৱৰ ঢেকাইপট্টিৰ পৰা দুপৰীয়া বাইকেৰে হদহদী জলপ্ৰপাতলৈ আহিছিল এগৰাকী যুৱতীসহ চাৰিজনকৈ যুৱক । তাৰ পাচতে জলপ্ৰপাতটিৰ পানীত জলকেলি কৰিবলৈ গৈ হঠাৎ সন্ধানহীন হৈ পৰে দুজন যুৱক । বহু সময়লৈকে দুই বন্ধুক নেদেখি দলটোৰ লগতে অহা আন তিনিগৰাকী বন্ধুৱে চিঞয়-বাখৰ কৰে আৰু খবৰ দিয়ে আৰক্ষীক ৷ পৰৱৰ্তী সময়ত চামগুৰি আৰক্ষী আৰু সুনাৰিবালি FIRE SERVICE ৰ লগতে স্থানীয় যুৱকৰ তৎপৰতাত সন্ধানহীন হোৱা দুই যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হয় হদহদী জলপ্ৰপাতৰ পৰা (Two boys death at Hadhadi waterfall)। ইতিমধ্যে মৃত যুৱক দুজন নগাঁৱৰ ঢেকাইপট্টিৰ ছাজাদুল ইছলাম আৰু ৰাজ বৰা বুলি চিনাক্ত কৰিছে পৰিয়ালৰ লোকে । জানিব পৰা মতে, মদ্যপান কৰি লুংচুঙৰ হদহদী জলপ্ৰপাতত নামিছিল যুৱক কেইজন ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.