নগাঁৱত আটক ম’ষ্ট ৱাণ্টেড তীৰ মাফিয়া ৰাজু আলম - ম’ষ্ট ৱাণ্টেড তীৰ মাফিয়া ৰাজু আলম
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16277014-thumbnail-3x2-nag.jpg)
অৱশেষত নগাঁও আৰক্ষীৰ জালত পৰিল ম’ষ্ট ৱাণ্টেড তীৰ মাফিয়া ৰাজু আলম (Teer mafia arrested in Nagaon) ৷ এক গোপন সূত্ৰৰ তথ্যৰ আধাৰত নগাঁও সদৰৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোজ ৰাজবংশীৰ নেতত্বত শনিবাৰে নগাঁৱত চলোৱা হয় এক অভিযান ৷ এই অভিযানতে নগাঁৱৰ বৰভেঁটিৰ পৰা আৰক্ষীয়ে আটক কৰা হয় ৰাজু আলমক । অভিযুক্ত ৰাজুৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে নগদ ১ লাখ ৫০ হাজাৰ টকা । সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে নগাঁও সদৰৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে ৷