বাক্সাত এনচিচি গোটৰ চাফাই অভিযান - Swachha Bharat Abhiyan
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16473972-thumbnail-3x2-n.jpg)
বাক্সা জিলাৰ সূৱণখাটা হাইস্কুলৰ এনচিচিৰ ৩০ নং গোটে বিশ্ব নদী দিৱস (World Rivers Day) উপলক্ষে এক বিশেষ কাৰ্যসূচী গ্ৰহণ কৰে ৷ দেওবাৰে এনচিচিৰ কেডেটসকলে লগ লাগি পাগলাদিয়া নদীৰ পৰা সূৱণখাটাৰ মাজেৰে বৈ অহা জোপাদোং সুঁতিৰ আৱৰ্জনাসমূহ চাফা কৰে (Swachha Bharat Abhiyan in Baksa) ৷ উল্লেখ্য যে, জিলাখনৰ সূৱণখাটা অঞ্চলৰ ৰাইজে বছৰ বছৰ পাগলাদিয়াত বান্ধ দি সুঁতি বা ডোঙেৰে পানী বোৱাই আনি ঘৰুৱা কামকাজত ব্যৱহাৰ কৰি আহিছে ৷ কিন্তু সূৱণখাটাৰ মাজেৰে বৈ অহা সুঁতিটো বিভিন্ন আৱৰ্জনাৰে ভৰি থকাত সূৱণখাটা হাইস্কুলৰ এনচিচিৰ গোটে এই চাফাই অভিযানৰ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ চাফাই অভিযানৰ পূৰ্বে ছাত্ৰ ছাত্ৰীসকলে সুৱণখাটাত সজাগতা সম্পৰ্কে এক সমদলো ৰূপায়ণ কৰে ৷