পথাৰত পানী নাই: বৰষুণ বিচাৰি তিতাবৰত পাতিলে ভেকুলী বিয়া - Frog wedding organized in Titabar
🎬 Watch Now: Feature Video
খৰাং বতৰৰ বাবে তিতাবৰৰ একাংশ কৃষকে খেতি পথাৰত পাৰিব পৰা নাই কঠিয়া (Severe drought due to lack of rain in Titabar)। উপায়হীন হৈ সোমবাৰে তিতাবৰ গোহাঁইজানৰ কেইবাখনো গাঁৱৰ ৰাইজে বৰুণদেৱতাক সন্তুষ্ট কৰিবলৈ আয়োজন কৰিলে ভেকুলী বিয়া । তিতাবৰৰ গোহাঁইজানৰ কেইবাখনো গাঁৱৰ ৰাইজে মাংগলিক প্ৰথাৰে পাতিলে ভেকুলী বিয়া (Frog wedding organized in Titabar) । বিয়া নাম, আয়তীৰ উৰুলিয়ে উদুলি মুদুলি হৈ পৰিল বিয়াঘৰ । নচাই নাচিছে, পানী তোলাই পানী তুলিছে ৷ বিয়া বুলি উবুৰি খাই পৰিছে গাঁৱৰ জীয়ৰী বোৱাৰী ।