জ্যেষ্ঠ কংগ্ৰেছ নেতা বাপাৰাম দাসৰ বিয়োগ

By

Published : Aug 19, 2022, 6:05 PM IST

thumbnail
জ্যেষ্ঠ কংগ্ৰেছ নেতা বাপাৰাম দাসৰ শুকুৰবাৰে ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজত মৃত্যু হয় (Senior Congress leader Baparam Das passed away)। লখিমপুৰ নগৰৰ সমীপৰ বাপখাটৰ নিবাসী বৰ্ষীয়ান নেতাগৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল ৯০ বছৰ । আজি পূৱা বাৰ্ধক্যজনিত কাৰণত হঠাৎ অসুস্থ হৈ পৰিছিল বৰ্ষীয়ান নেতাগৰাকী ৷ পিছত ততাতৈয়াকৈ তেওঁক ডিব্ৰুগড় অসম মেডিকেল কলেজৰ আই চি ইউত ভৰ্তি কৰোৱা হৈছিল (Dibrugarh Assam Medical College) ৷ কিন্তু কিছু সময়ৰ পাছতে তেওৰ মৃত্যু হয় । পাছত নেতাগৰাকীৰ নশ্বৰদেহ লখিমপুৰ জিলা কংগ্ৰেছৰ কাৰ্য্যলয়লৈ লৈ অনা হয় আৰু দলৰ তৰফৰ পৰা অন্তিম বাৰৰ বাবে তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় । দলৰ কাৰ্য্যালয়ত শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছত স্ব গৃহলৈ তেওঁৰ নশ্বৰ দেহ লৈ যোৱা হয় । উল্লেখ্য যে, দলত সন্মুখৰ পৰা নেতৃত্ব দিয়া প্ৰয়াত বাপাৰাম দাস জিলা কংগ্ৰেছৰ উপ সভাপতি, তেলাহী ব্লকৰ সভাপতি আদি বিভিন্ন দলীয় বিষয় বাবত অধিষ্ঠিত আছিল । মৃত্যুৰ সময়ত তেওঁ দুই পুত্ৰসহ এগৰাকী কন্যা আৰু নাতি-নাতিনীক এৰি থৈ যায় ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.