উচ্ছেদ চলাব লগীয়া অঞ্চল পৰিদৰ্শন জিপি সিঙৰ

By

Published : Sep 1, 2022, 9:22 PM IST

thumbnail

শোণিতপুৰ জিলাৰ ৭১ নং বৰচলা সমষ্টিৰ ৩ নং শিতলমাৰীত প্ৰশাসনে উচ্ছেদ চলাব লগীয়া অঞ্চলত উপস্থিত বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং (SDGP GP Singh in Barchala)। বেদখলকৃত অঞ্চল পৰিদৰ্শন জি পি সিঙৰ (GP Singh visited eviction site in Barchala)। বেদখলকৃত ভূমিৰ পৰা উচ্ছেদৰ পূৰ্বেই ৭০ শতাংশ বেদখলকাৰী ইতিমধ্যে নিজেই আঁতৰি গৈছে । বেদখলকাৰীক নিজাববীয়াকৈ আঁতৰি যাবলৈ আহ্বান জি পি সিঙৰ । প্ৰায় এহেজাৰ বিঘা মাটি আৰু ২৯৯ টা পৰিয়ালক চলোৱা হ’ব উচ্ছেদ (Eviction drive to be held in Barchala)। বেদখলকৃত ভূমি উচ্ছেদ কৰি সৌৰ শক্তি প্ৰকল্প স্থাপন কৰিব অসম চৰকাৰে (Solar power project in Sonitpur)। উচ্ছেদ প্ৰক্ৰিয়া শান্তিপূৰ্ণ হোৱাৰ কামনা কৰিছে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে । উচ্ছেদৰ বাবে নিয়োগ কৰা হৈছে কেইবাগৰাকীও আৰক্ষী বিষয়া আৰু এক হাজাৰ আৰক্ষী । আনহাতে জেহাদীৰ গতিবিধিৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব বুলিও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে জি পি সিঙে (GP Singh comments on jihadi)।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.