বালিজুৰীত জব্দ লক্ষাধিক টকাৰ মাকৰিশাল - চাৰি কোটি টকাৰ ৰাজহ সংগ্ৰহ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11590985-83-11590985-1619771982712.jpg)
নগাঁও-কাৰ্বিআংলং সীমান্তৱৰ্তী অঞ্চল বালিজুৰীত বৃহস্পতিবাৰে নিশা বন বিভাগ আৰু আৰক্ষীৰ দলে অভিযান চলাই চোৰাং কাঠ ভৰ্তি এখন টাটা ম'বাইল বাহন জব্দ কৰে ৷ দীৰ্ঘদিনৰ পৰা অঞ্চলটোত একাংশ বন মাফিয়াই অবৈধ ভাৱে চোৰাং কাঠ সৰবৰাহ কৰি অহাৰ খবৰ লাভ কৰাৰ পাচতে নিশা অভিযান চলাই প্ৰায় লক্ষাধিক টকাৰ কাঠ জব্দ কৰাৰ লগতে আন বহু তথ্য লাভ কৰে ৷ অঞ্চলটোৰ পাৰ্কোপ আঞ্চলিক বন বিষয়াই জনোৱা মতে, জব্দ কৰা মাকৰিশাল খিনিৰ মূল্য প্ৰায় লক্ষাধিক টকা ৷ চলিত বিত্তীয় বৰ্ষত প্ৰায় চাৰি কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰা হৈছে বুলিও বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে ৷