দৰঙত সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ প্ৰতিবাদ - Anger over non Tribalization
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16390672-449-16390672-1663333016853.jpg)
সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ আহ্বানত দৰং জিলা কোচ ৰাজবংশী সন্মিলনীয়ে শুকুৰবাৰে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ । দাহ কৰিলে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ জুমুঠি(Prime Minister and Chief Minister effigy burnt) । অসমৰ ছয় জনগোষ্ঠীকে জনজাতীৰ মৰ্যদা প্ৰদান নকৰাক লৈ ক্ষোভ উজাৰে কোঁচ ৰাজবংশী সন্মিলনীয়ে(Anger over non tribalization) । প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনাৰে থকাসৰকা কৰে কোঁচ ৰাজবংশী সন্মিলনী আৰু কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীয়ে । শুকুৰবাৰে মঙ্গলদৈত হাতে হাতে প্লে কাৰ্ড লৈ অসম চৰকাৰ হায় হায়, প্ৰধানমন্ত্ৰী মুৰ্দাবাদ, মুখ্যমন্ত্ৰী মুৰ্দাবাদ ধ্বনি দি প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ জুমুঠিও দাহ কৰে । উল্লেখযোগ্য যে চৰকাৰে যদি কোচ ৰাজবংশীসকলৰ ভাষা বুজি নাপায় তেন্তে অনাগত সময়ত অসম ৰক্তাক্ত কৰাৰ ভাবুকিও প্ৰদান কৰে সদৌ দৰং জিলা কোচ ৰাজবংশী সন্মিলনীয়ে ।