প্ৰধানমন্ত্ৰীৰ বন-ধন আঁচনিৰে টীয়কত মহিলাৰ স্বাৱলম্বীতাৰ বাট মুকলি - টীয়কত মহিলাৰ স্বাৱলম্বীতাৰ বাট মুকলি
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-15443876-thumbnail-3x2-b.jpg)
দেশৰ প্ৰধানমন্ত্ৰীৰ এখন অভিলাষী আঁচনিয়ে অসমৰ জনজাতীয় মহিলাসকলৰ মাজলৈ কঢ়িয়াই আনিছে আশাৰ ৰেঙণি (PMs Van Dhan Yojana brings hope among Tribal women) । পিৰালিৰ বনজোপাও এতিয়া সোণগুটিৰ দৰে হৈ পৰিছে পাহাৰ-ভৈয়ামৰ জনজাতীয় মহিলাসকলৰ বাবে । মহিলাসকলক স্বাৱলম্বী আৰু উপাৰ্জনক্ষম কৰি তুলিবলৈ কেন্দ্ৰীয় চৰকাৰে কিছুদিন পূৰ্বে মুকলি কৰিছিল প্ৰধানমন্ত্ৰীৰ বন-ধন আঁচনি । এই আঁচনিৰ মূল উদেশ্য আছিল সততেই দেখিবলৈ পোৱা বনজ অথবা শস্য জাতীয় সামগ্ৰীৰ জড়িয়তে নানান খাদ্য সামগ্ৰী প্ৰস্তুত কৰি এখন বজাৰ তৈয়াৰ কৰা । সম্প্ৰতি, এই অভিলাষী আঁচনিৰ জৰিয়তে টীয়কৰ সোণাৰী মিচিং গাঁৱৰ একাংশ জনজাতীয় মহিলা ব্যস্ত হৈ পৰিছে খাদ্য সামগ্ৰী প্ৰস্তুত কৰাত(Women become self dependent on making food products) ৷ বাৰীৰ চুকৰ কলগছৰ পৰাও আচাৰ তৈয়াৰ কৰি বহিঃৰাজ্যৰ বজাৰলৈ প্ৰেৰণ কৰাৰ প্ৰচেষ্টা চলাই গৈছে এইসকল মহিলাই ৷