ৰঙিয়াত দিব্যাংগ ব্যক্তিক ক'ভিড প্ৰতিষেধক প্ৰদান - ভেকচিন কাৰ্যসূচী

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 4, 2021, 9:26 PM IST

ৰঙিয়াত বৃহস্পতিবাৰে সমাজ কল্যাণ বিভাগ, স্বাস্থ্য বিভাগ আৰু যাদৱ চন্দ্ৰ ভূঞা স্মৃতি ন্যাসৰ উদ্যোগত দিব্যাংগ ব্যক্তিক ক'ভিড ভেকচিন প্ৰদান কৰা হয় । ৰঙিয়াৰ মুৰাৰা বালিকা প্ৰাথমিক বিদ্যালয়ত দুদিনীয়াকৈ এই ভেকচিন কাৰ্যসূচী আৰম্ভ কৰা হয় । ক'ভিডৰ জটিল পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৪৫ বছৰৰ ঊৰ্ধ্বৰ দিব্যাংগ ব্যক্তি এই সুবিধা প্ৰদান কৰা হয় । ৰঙিয়া সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ভৱেশ কলিতাই এই কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে । ৰঙিয়া মহকুমাৰ প্ৰায় ডেৰ শতাধিক ৪৫ বছৰ ঊৰ্ধ্বৰ দিব্যাংগক ক'ভিড ভেকচিন প্ৰদান কৰা হয় । ক'ভিড মহামাৰীৰ সংকটৰ মাজতে ভেকচিনৰ এই সুবিধা প্ৰদান কৰা বাবে দিব্যাংগ সকলে চৰকাৰৰ লগতে যাদৱ চন্দ্ৰ ভূঞা ন্যাসক ধন্যবাদ জ্ঞাপন কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.