Man Elephant conflict : বাক্সাত বন্যহস্তীৰ আক্ৰমণত নিহত এজন

By

Published : May 16, 2022, 5:57 PM IST

Updated : May 16, 2022, 11:01 PM IST

thumbnail

ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰায়েই সংঘটিত হৈ আহিছে বন্যহস্তীৰ ত্ৰাসৰ ঘটনা (Man elephant conflict in Assam) । জনাঞ্চললৈ বন্যহস্তীৰ আগমন তথা পথাৰৰ শষ্য নষ্ট কৰাৰ লগতে ঘৰ বাৰী ভাঙি চলোৱা তাণ্ডৱত বাৰুকৈয়ে বিপাঙত পৰি আহিছে ৰাইজ ৷ সম্প্ৰতি খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বন্যহস্তীৰ ত্ৰাসত প্ৰায়ে উজাগৰী নিশা কটাবলগীয়া হৈছে ৰাইজে ৷ এইবাৰ বাক্সাৰ ভাৰত-ভূটান সীমান্তৰ (Man Elephant conflict at Baksa) নিকাছি আৰক্ষী চকীৰ অন্তৰ্গত ২ নং শান্তিপুৰত বন্যহস্তীৰ আক্ৰমণত নিহত হ'ল এজন লোক (One killed in wild elephant attack)৷ নিশা শুই থকা অৱস্থাতে হাতীয়ে আক্ৰমণ কৰে লোকজনক ৷ ফলত থিতাতে নিহত হয় নাৰায়ণ দৰ্জী নামৰ লোকজন (One person died in wild elephant attack)৷ ইতিমধ্যে ঘটনাস্থলীত বাতাবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ বনকৰ্মী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰিছে ৷ উল্লেখ্য যে, বিগত এসপ্তাহ পূৰ্বেও বন্যহস্তীয়ে ভূটানখুটিৰ এখন বিদ্যালয়ৰ চৌহদৰ বেৰৰ লগতে দুখন দোকানৰ ক্ষতিসাধন কৰিছিল ৷

Last Updated : May 16, 2022, 11:01 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.