মৰিগাঁও জিলাক কন্টেইনমেন্ট জ'ন ঘোষণা - Morigaon Covid 19
🎬 Watch Now: Feature Video
দেওবাৰে মৰিগাঁও জিলাক ৰাজ্য চৰকাৰে কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰাৰ পাচতে সোমবাৰে কঠোৰ হৈ পৰে মৰিগাঁও জিলা আৰক্ষী ৷ চৰকাৰী নিৰ্দেশনা নামানি বিনা কাৰণত ৰাজপথলৈ ওলাই অহা লোকসকলৰ বিৰুদ্ধে সষ্টম হৈ পৰে আৰক্ষী বিষয়াসকল ৷ চৰকাৰী নিৰ্দেশনা অনুসৰি, 24 ঘন্টাই জিলাখনত বলৱৎ হৈ থাকিব সান্ধ্য আইন ৷ কিন্তু তাৰ মাজতে অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে ফল-মূল, গাখীৰৰ দোকান সমূহ সন্ধিয়া পাঁচ বজালৈ ক'ভিড প্ৰট'কল মানি খুলিব পাৰিব ৷ উল্লেখ্য যে, দেওবাৰৰ দিনটোলৈকে জিলাখনত 9,772 গৰাকী লোক কৰ'ণাত আক্ৰান্ত হোৱাৰ লগতে মুঠ 35 গৰাকী লোকৰ মৃত্যু হৈছে ৷ সম্প্ৰতি জিলাখনৰ আক্ৰান্তৰ হাৰ 3.21% হোৱাৰ লগতে আৰোগ্য লাভৰ হাৰ হৈছে 92.36 % ৷