Assam Floods 2022: বানত ক্ষতিগ্ৰস্ত কৃষকৰ বাবে কৃষিভূমিত ব্যস্ত বিধায়ক চক্ৰধৰ গগৈ

By

Published : Jul 7, 2022, 9:14 PM IST

thumbnail
পূৰ্বৰ তুলনাত এই বৰ্ষত ৰাজ্যত বৃদ্ধি পালে বানৰ প্ৰকোঁপ (Assam Floods 2022) ৷ সমান্তৰালকৈ ডিব্ৰুগড় জিলাতো বানৰ কৱলত পৰি বহুকেইটা অঞ্চল প্লাবিত হৈছে । বিশেষকৈ ডিব্ৰুগড় জিলাৰ মৰাণ সমষ্টিৰ বহু কৃষি প্ৰধান গাঁও বানৰ কৱলত পৰাত কৃষি শস্য আদি বিনষ্ট হৈছে(Floods have destroyed agricultural crops) ৷ যাৰ ফলত এতিয়া মূৰে কপাঁলে হাত দিব লগা হৈছে কৃষক ৰাইজে ৷ এনে সময়ত কৃষক ৰাইজক সকাহ দিয়াৰ উদ্দেশ্যে মৰাণত পাঁচ হেক্টৰ কৃষিভূমিত ধানৰ বীজ সিঁচিলে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে 9Maran MLA Chakradhar Gogoi planted paddy seeds ) ৷ কৃষি বিভাগৰ RKVY-2022-23 আঁচনিৰ অধীনত প্ৰায় পাঁচ হেক্টৰ কৃষিভূমিত ধানৰ বীজ সিঁচিলে বিধায়কগৰাকীয়ে । উল্লেখযোগ্য যে, মৰাণ সমষ্টিত এইবাৰ বানৰ প্ৰকোপ পূৰ্বতকৈ কিছু কম যদিও খেতিয়কৰ পথাৰত বাঢ়নী পানীয়ে ধানৰ কঠীয়া মৰাত কৃষকসকল এক প্ৰকাৰে বিমোৰত পৰিছে ৷ সেয়ে কৃষকসকলৰ এই সমস্যা দূৰ কৰাৰ লক্ষ্যৰে ডিব্ৰুগড় জিলা কৃষি বিভাগৰ উদ্যোগত বৃহস্পতিবাৰে বাহাদুৰ ধানৰ বীজ সিঁচিলে বিধায়কগৰাকীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.