দ্বিতীয়বাৰলৈ মাহমাৰৰ বিধায়ক হিচাপে নিৰ্বাচিত মন্ত্ৰী যোগেন মহন - অসম নিৰ্বাচন
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11624310-thumbnail-3x2-jm.jpg)
দ্বিতীয়বাৰলৈ মাহমৰাৰ বিধায়ক হিচাপে নিৰ্বাচিত হ'ল মন্ত্ৰী যোগেন মহন ৷ কংগ্ৰেছ, ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে মন্ত্ৰীগৰাকীৰ ভোট যুদ্ধত কিছু প্ৰত্যাহ্বান সৃষ্টি কৰিব বুলি ভৱা হৈছিল যদিও দেওবাৰে ঘোষণা কৰা নিৰ্বাচনৰ ফলাফলত বিপুল ভোটত জয় লাভ কৰিবলৈ সক্ষম হ'ল বিজেপি প্ৰাৰ্থী যোগেন মহন ৷ প্ৰাৰ্থী গৰাকীৰ জয়ত বিজেপি কৰ্মী সকলৰ মাজত দেখিবলৈ পোৱা গ'ল ব্যাপক উৎসাহ ৷ ইফালে, ফলাফল ঘোষণাৰ পাচতে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, শাসনভাৰ গ্ৰহণ কৰাৰ পাচত সমষ্টিটোত বিগত পাঁচ বছৰত আধৰুৱা সকলো কাম দায়িত্ব সহকাৰে কৰা হ'ব ৷ ইয়াৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, ড° হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিত দাসক তেওঁৰ এই জয়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ৷
Last Updated : May 3, 2021, 5:16 PM IST