বেদখলকাৰীক শেষ সকিয়নী পীযুষ হাজৰিকাৰ - pijush hazarika

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 24, 2021, 10:02 PM IST

পুনৰ বেদখলকাৰীৰ কবলত যোৱা 6 জুন তাৰিখে প্ৰশাসনে উচ্ছেদ কৰা ৰবৰ বাগানৰ ভূমি ৷ প্ৰশাসনৰ অভিযানৰ পাচতো উচ্ছেদিত লোকসকলে উক্ত ভূমি পুনৰ বেদখল কৰাৰ অভিযোগ ৷ যাৰ বাবে শনিবাৰে হোজাই জিলাৰ উচ্ছেদিত স্থানত উপস্থিত হৈ উচ্ছেদিত স্থানসমূহ পৰিদৰ্শন কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই ৷ উচ্ছেদিত স্থান পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে শেষ সকিয়নী প্ৰদান কৰিলে বেদখলকাৰীক ৷ আগন্তুক সাত দিনৰ ভিতৰত ৰবৰ বাগান খালী নকৰিলে আঠ দিনৰ দিনা তেঁওলোকৰ খেতি পথাৰ সকলো বিনষ্ট কৰি পুনৰ উচ্ছেদ কৰা হ'ব বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ৷ চলিত বৰ্ষৰ 6 জুন তাৰিখে কাকী ৰাবাৰ বাগানত হোজাই জিলা প্ৰশাসনে 15 টা পৰিয়ালক ঘৰ-দুৱাৰ, খেতি-বাতি বিনষ্ট কৰি প্ৰায় 275 বিঘা চৰকাৰী ভূমি বেদখলমুক্ত কৰিছিল যদিও পুনৰ সেই লোকসকলে অস্থায়ীভাৱে ঘৰ-দুৱাৰ সাজি বাগানৰ মাটি দখল কৰাৰ পাচতে সৰৱ হৈছে অসম চৰকাৰ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.