এক বিশেষ শ্ৰেণীৰ মানুহে এজেপি আৰু আপক ভোট দিছে : অতুল বৰা

By

Published : Apr 24, 2022, 10:44 PM IST

thumbnail

ঘোষণা হ’ল গুৱাহাটী পৌৰ নিৰ্বাচন 2022 ৰ ফলাফল (GMC election result 2022) ৷ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ দুখন আসনত আম আদমি পাৰ্টী আৰু অসম জাতীয় পৰিষদে জয় লাভ কৰাৰ পাচতে অসম গণ পৰিষদৰ সভাপতি তথা কৃষি মন্ত্ৰী অতুল বৰাই ডিব্ৰুগড়ত প্ৰকাশ কৰিছে তেওঁৰ প্ৰতিক্ৰিয়া (Minister Atul Borah reaction on GMC election result) ৷ সংবাদ মাধ্যমৰ আগত কয় যে, মন্ত্ৰী অতুল বৰাই কয়, ‘‘60 আসনৰ ভিতৰত বিজেপি মিত্ৰজোঁটে 58 খন আসন লাভ কৰাটোৱেই ডাঙৰ কথা । আপ আৰু জাতীয় পৰিষদক কোন শ্ৰেণীৰ মানুহে ভোট দিছে সেই কথা সকলোৱে জানে । সেই অঞ্চলৰ জনগাঁঠনি আৰু ভোটাৰৰ আচৰণ চালেই সকলো কথা স্পষ্ট হৈ পৰে’’ । কংগ্ৰেছৰ খাতা ৰাজ্যত চিৰদিনৰ বাবে বন্ধ হ'ব বুলিও কংগ্ৰেছক কটাক্ষ কৰে কৃষি মন্ত্ৰী অতুল বৰাই ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.