Flood in Biswanath : জৰাসৰ নৈ বাঢ়নি পানীৰ তলত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ - বালিপৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ
🎬 Watch Now: Feature Video
অপৰিৱৰ্তিত ৰাজ্যৰ বান পৰিস্থিতি (Flood in Assam 2022) ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখিয়াকৈ বছৰৰ দ্বিতীয়টো বানে বিশ্বনাথৰ ভিন্ন প্ৰান্তত ধাৰণ কৰিছে সংহাৰী ৰূপ (Flood in Biswanath) ৷ বিগত কেইবাদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বাঢ়ি অহা জৰাসৰ নৈৰ বাঢ়নি পানীয়ে বৃহস্পতিবাৰে পুৱতি নিশাই বুৰাই পেলাইছে বিশ্বনাথৰ বালিপৰাৰ কেইবাখনো গাঁও (Flood at Balipara) ৷ চাৰিদুৱাৰ ৰাজহ চক্ৰৰ দীঘলী বালিজান, উদমাৰী গাঁও, ঢেকেৰী গাঁও, এৰাগাঁও আদিকে ধৰি বহুকেইখন গাঁৱৰ কেইবা সহশ্ৰাধিক লোক আৱদ্ধ হৈ পৰিছে এই বানত ৷ লগতে এই বানে বুৰাই পেলাইছে বালিপৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰও ৷ ফলত এই স্বাস্থ্য কেন্দ্ৰটোৰ পৰা ততাতয়াকৈ প্ৰসূতি ৰোগীসকলক চাৰিদুৱাৰ স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে ৷ ইতিমধ্যে বানত আৱদ্ধ হৈ পৰা ৰাইজক SDRF বাহিনীৰ দ্বাৰা উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷ ইফালে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথটোত এবুকু পৰ্যন্ত পানী হোৱাত যাতায়তৰ ক্ষেত্ৰতো প্ৰবল ভাবুকিৰ সন্মুখীন হ’ব লগাত পৰিছে জনসাধাৰণ ৷