Lady homeguard death: চিৰাঙত মহিলা গৃহৰক্ষী জোৱানৰ মৃত্যু - Lady home guard dies while on duty
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16623103-310-16623103-1665562848093.jpg)
চিৰাঙৰ কাজলগাঁৱত কৰ্তব্যৰত অৱস্থাত উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হৈ ঢালিগাঁও থানাৰ এগৰাকীৰ মহিলা গৃহৰক্ষী জোৱানৰ মৃত্যুৰ খবৰে শোকৰ ছাপ পেলাইছে সমগ্ৰ অঞ্চলত(Lady home guard dies while on duty) । মৃত গৃহৰক্ষী মহিলা জোৱানগৰাকীৰ নাম ৰঞ্জিতা বসুমতাৰী বুলি জানিব পৰা গৈছে(Lady homeguard death in chirang) । মঙলবাৰে নিশা দহ বজাত কাজলগাঁৱৰ সাৰ্বজনীন লক্ষ্মীপুজা মেলাত কৰ্তব্যৰত অৱস্থাৰ পৰা থানালৈ উভতি অহাৰ সময়তে কাজলগাঁৱৰ উৰণীয়া সেঁতুৰ তলৰ পথৰ ওপৰতে হঠাতেই বাগৰি পৰে মহিলা গৃহৰক্ষী জোৱানগৰাকী । পৰৱৰ্তী সময়ত কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰে যদিও উন্নত চিকিৎসাৰ বাবে বঙাইগাঁও চহৰৰ এখন ব্যক্তিগত নাৰ্ছিঙত ভৰ্তি কৰোৱা হয় ।অৱশেষত বুধবাৰে পুৱতি নিশা চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে মহিলা গৃহৰক্ষী জোৱানগৰাকীয়ে ।