বিহুৰ আখৰাত ব্যস্ত কপৌ জেং বিহু দল - কপৌ জেং বিহু দল
🎬 Watch Now: Feature Video
হাতত টকা আৰু মুখত এমোকোৰা হাঁহি লৈ বিহু নাচত ব্যস্ত এজাক মহিলা ৷ কিয়নো অসমীয়া জাতিৰ হেঁপাহৰ ৰঙালী বিহুটিলৈ মাজত মাথো এটা দিন বাকী (Rangali Bihu 2022) । ৰাজ্যখনৰ চৌদিশ এতিয়া ৰজন-জনাইছে ঢোল-পেঁপা-তালৰ শব্দত ৷ প্ৰতিজন অসমীয়া ব্যস্ত এতিয়া বিহু আখৰাত (Bihu preparation in Assam) । তেনে সময়তে পিছপৰি ৰোৱা নাই শোণিতপুৰৰ কেইগৰাকীমান মহিলাও । হলেশ্বৰৰ সমীপৱৰ্তী ঐতিহাসিক বৰপুখুৰীপাৰ গাঁৱৰ ‘‘কপৌ জেং বিহু দল’’ৰ মহিলা দলটো বৰ্তমান ব্যস্ত হৈ পৰিছে বিহু আখৰাত (Kopou jeng bihu dol practices bihu dance) । ক'ভিড সৃষ্ট পৰিস্থিতিৰ বাবে নাচনীসকলে বিহু মঞ্চত বিহু পৰিৱেশনৰ পৰা বিৰত আছিল । যাৰ বাবে এইবেলি অৰ্থাৎ প্ৰায় দুটা বছৰৰ অন্তত গাঁওখনৰ ডেকা-বুঢ়াৰ সমান্তৰালকৈ ওলাই আহিছে এতিয়া এজাক মহিলাও ৷