ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবীত বহৰিত অনশন - brahmaputra erosion
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-12101397-thumbnail-3x2-img.jpg)
বহৰিত অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ ব্যাপক খহনীয়া ৷ মহাপুৰুষ হৰিদেৱ স্থাপিত বহৰি সত্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ দাবীত বহৰিত অনশন ৷ বৰপেটা জিলাৰ চেনিমাৰীৰ পৰা বহৰি হৈ পাজাৰভাঙালৈ ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবীত শুকুৰবাৰে ক'ভিড প্ৰট'কল মানি চেঙা সমষ্টিৰ ৰাইজৰ হৈ বহৰিৰ ব্ৰহ্মপুত্ৰৰ পাৰত তিনি ঘন্টীয়া প্ৰতীকি অনশন কাৰ্যসূচী ৰূপায়ণ কৰে জ্যেষ্ঠ সাংবাদিক তথা বহৰিৰ সমাজকৰ্মী ফৰহাদ ভূঞাই । এই অনশন কাৰ্যসূচীত বহৰি আঞ্চলিক ছাত্ৰ সন্থা, আমছুৰ লগতে বিভিন্ন দল-সংগঠনে সহযোগ আগবঢ়ায় ৷ এই অনশন কাৰ্যসূচীৰ জৰিয়তে ১৪৫৩ খ্ৰীষ্টাব্দতে মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱ গুৰুৱে স্থাপন কৰা বহৰি সত্ৰখনৰ লগতে বৃহত্তৰ অঞ্চলটো ৰক্ষাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ লগতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাক দাবী জনাইছে সাংবাদিকগৰাকীয়ে ।