মাজুলীত গঁড়ৰৰ মুক্ত বিচৰণত আতংকিত গঞা - Majuli Forest Deparment
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13867236-thumbnail-3x2-majuli.jpg)
মাজুলীৰ বিভিন্ন প্ৰান্তত প্ৰায় দুসপ্তাহ ধৰি দুটা গঁড়ে কৰি আছে মুক্ত বিচৰণ (Rhino free roming in Majuli)। বৃহস্পতিবাৰে শালমৰাৰ কামজান এলেঙী অঞ্চলত অৱস্থান কৰে এই গঁড়ৰ দুটাই । গঁড় দুটাক কাজিৰঙালৈ খেদিবলৈ চেষ্টা কৰে মাজুলী জিলাৰ বন বিভাগে (Majuli Forest Deparment) । আনকি নিশাৰ ভাগত ফটকা ফুটাই জনাঞ্চলৰ পৰা গঁড়ৰ দুটা খেদি দিয়াৰো চেষ্টা কৰিছিল বন বিভাগৰ দলটোৱে । মাজুলীৰ এগৰাকী বন বিষয়াই উল্লেখ কৰা অনুসৰি, শুকুৰবাৰে পুৱাৰ ভাগত আফলামুখত অৱস্থান কৰে এই গঁড় দুটাই । বন বিভাগে খেদিবলৈ চেষ্টা কৰাত ব্ৰহ্মপুত্ৰ পাৰ হৈ জাঁজী মুখৰ দিশে গুচি যায় গঁড় দুটা ।