কুশতলীত শোকৰ বন্যা ; ৰাজহুৱা শ্মশানত কৰা হ’ল চাৰিযুৱকৰ অন্ত্যেষ্টিক্ৰিয়া - লাহৰীঘাটৰ ১৩গৰাকী যুৱক এতিয়াও সন্ধানহীন
🎬 Watch Now: Feature Video
মৰিগাঁৱৰ কুশতলীত শোকৰ বন্যা ৷ অৱশেষত কুশতলীৰ স্ব-ভূমি পালেহি মৰিগাঁৱৰ খুৰা গোসাঁইবড়ী গাঁৱৰ চাৰি যুৱক ক্ৰমে গোপাল ফুকন, পল্লৱ লৰম, দিপাংকৰ বৰদলৈ আৰু হৰমোহন ডেকাৰ মৃতদেহ ৷ মৃত চাৰি যুৱকৰ নশ্বৰদেহ নিজগৃহত আহি পোৱাৰ পিছতেই সমগ্ৰ গাঁৱত সৃষ্টি হয় এক শোকাকুল পৰিৱেশৰ (Four labour of Morigaon killed in landslide in Manipur) ৷ চাৰি দুৰ্ভগীয়া যুৱকৰ মৃতদেহ সৎকাৰৰ ব্যৱস্থা কৰা হৈছে ৰাজহুৱা শ্মশানত । জানিব পৰা মতে, মণিপুৰৰ নোনে জিলাত ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মৰিগাঁও জিলাৰ লাহৰীঘাট অঞ্চলৰ পৰা ২৩ গৰাকী যুৱকে কাম কৰিবলৈ গৈছিল । ইয়াৰে মৰিগাঁও জিলাৰ ছয়গৰাকী যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে । ইয়াৰে লাহৰীঘাট কুশতলিৰ খুৰা গোসাঁইবড়ী গাঁৱৰ চাৰিগৰাকী যুৱক ক্ৰমে গোপাল ফুকন,পল্লৱ লৰম, দিপাংকৰ বৰদলৈ আৰু হৰমোহন ডেকাৰ মৃতদেহ দেওবাৰে স্ব-গৃহত উপস্থিত হয় ৷ আনকি আকাশ লৰম আৰু মৰিগাঁৱৰ ভৰালটুপৰ উপেন্দ্ৰ কোঁৱৰৰ মৃতদেহ উদ্ধাৰ হৈছে যদিও বৰ্তমানলৈকে আহি পোৱা নাই তেওঁলোকৰ মৃতদেহ ৷ আনহাতে বৰ্তমান মৰিগাঁও জিলাৰ লাহৰীঘাটৰ ১৩গৰাকী যুৱক এতিয়াও সন্ধানহীন হৈ আছে ৷