টীয়কত ক'ভিড প্ৰট'কল ভংগকাৰীৰ বিৰুদ্ধে প্ৰশাসনৰ তৎপৰতা

By

Published : Jul 11, 2021, 9:01 AM IST

thumbnail
যোৰহাট জিলাৰ টীয়কৰ চিন্তামণি গড় অঞ্চলত ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত শনিবাৰে বিয়লি জিলা প্ৰশাসনৰ লগতে আৰক্ষী, আবকাৰী আৰু চিআৰপিএফৰ এটা বৃহৎ দলে অঞ্চলটো পৰিভ্ৰমণ কৰে ৷ পৰিদৰ্শনকাৰী দলটোত জিলাখনৰ তিনিগৰাকীকৈ অতিৰিক্ত উপায়ুক্ত, আবকাৰী বিভাগৰ উচ্চ পদস্থ বিষয়াসহ স্থানীয় চক্ৰ বিষয়া আদি উপস্থিত থাকে ৷ দলটোৱে বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি ৰাইজৰ সৈতে মত বিনিময় কৰে ৷ লগতে সকলোকে ক'ভিড বিধি অৱলম্বন কৰি ঘৰতে সুৰক্ষিত হৈ থাকিবলৈ আহ্বান জনায় ৷ উল্লেখ্য যে, বৃহত্তৰ অঞ্চলটোত থকা কেইবাটাও অবৈধ চুলাই মদৰ ঘাটিৰ বাবে ক'ভিড সংক্ৰমণ বৃদ্ধি পোৱা বুলি বিভিন্ন মহলে অভিযোগ উত্থাপিত কৰি আহিছিল ৷ যাৰ পৰিপেক্ষিতত জিলা প্ৰশাসনৰ দলটোৱে বৃহত্তৰ অঞ্চলটো পৰিদৰ্শন কৰে ৷ ক'ভিডৰ সংক্ৰমণ ৰোধ কৰিবলৈ ৰাইজক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাই অতিৰিক্ত উপাযুক্ত দামোদৰ বৰ্মনে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.