দেবাংগনাৰ জামিন লাভৰ পাচতে উৎফুল্লিত ডিব্ৰুগড়বাসী - ডিব্ৰুগড় বিশ্ববিদ্যালয়
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-12142695-thumbnail-3x2-dib.jpg)
অৱশেষত তিহাৰ জেলৰ পৰা জামিন লাভ কৰিলে পিঞ্জৰা তৌৰ নেত্ৰী তথা ডিব্ৰুগড়ৰ জীয়াৰী দেবাংগনা কলিতাই ৷ সুদীৰ্ঘ এটা বছৰে দিল্লীৰ তিহাৰ জেলত কাৰাবন্দীৰ জীৱন কটোৱা দেবাংগনাই জামিন লাভ কৰাৰ পাচতে স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে ডিব্ৰুগড় জিলাৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ ৷ ৰাজধানী চহৰ দিল্লীৰ ৰাজপথত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনক সন্মুখৰ পৰা নেতৃত্ব দি কাৰাবন্দী হোৱা নেত্ৰীগৰাকীয়ে জামিন লাভ কৰাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ ছাত্ৰ একতা সভাৰ সভাপতি পৱন গগৈ আৰু সাধাৰণ সম্পাদক হিমালয় বাৰিকে ৷