ডিফুত মুখ্যমন্ত্ৰীৰ পৰ্যালোচনা সভা সম্পন্ন - ডিফুত মুখ্যমন্ত্ৰীৰ পৰ্যালোচনা সভা সম্পন্ন
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-15037699-271-15037699-1650126072054.jpg)
অহা ২৮ এপ্ৰিলত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ কাৰ্বি আংলং ভ্ৰমণক (PM Modis Karbi anglong visit) কেন্দ্ৰ কৰি ৰাজ্য চৰকাৰ আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মাজত বিশেষ তৎপৰতা পৰিলক্ষিত হৈছে ৷ ইতিমধ্যে দুদিনীয়া কাৰ্যসূচীলৈ ডিফুত অহা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আজি সন্ধিয়া ডিফুৰ বৃক্ষ উদ্যাণ আৰু শিল্প কেন্দ্ৰৰ সভা কক্ষত এক পৰ্যালোচনা সভাত অংশ গ্ৰহণ কৰে ৷ কাৰবি আংলঙ স্বায়ত্তশাসিত পৰিষদ, জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসন, কেএছএ , ভৈয়ামৰ কাৰ্বি, কাৰ্বি লাম্মেট আমেই, এএছডিচিকে ধৰি বিভিন্ন ৰাজনৈতিক আৰু সামাজিক দল- সংগঠনৰ সৈতে আলোচনা কৰা হয় ৷ পৰ্যালোচনা সভাৰ অন্তত মুখ্যমন্ত্ৰী গৰাকীয়ে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কয় যে, বিভিন্ন দল সংগঠনে সীমা বিবাদৰ পৰা আৰম্ভ কৰি কাজিৰঙা অভয়াৰণ্যৰ ইক' ছেনছেটিভ জ'ন আদি বিভিন্ন দাবী উত্থাপন কৰিছে উক্ত দাবী সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীৰ একো আপত্তি নাই বুলি কয় ৷ ৰাজ্য সমূহৰ মাজত থকা সীমা বিবাদ (border conflict of NE states) সমূহ লাহে লাহে আলোচনাৰ মাধ্যমেৰে সমাধান হব বুলি কয় মুখ্যমন্ত্ৰী গৰাকীয়ে ৷