ঢেকীয়াখোৱা বৰনামঘৰত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মজয়ন্তী মহোৎসৱ উদযাপন - Madhab deva birth anniversary in Jorhat
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-15306700-thumbnail-3x2-teokk.jpg)
সোমবাৰৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী শ্ৰী মাধৱদেৱ স্থাপিত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত "মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ৫৩৩ সংখ্যক জন্মজয়ন্তী মহোৎসৱ" ভাগি বৰনামঘৰৰ প্ৰাংগণত আয়োজন কৰা হয় (Birth anniversary of Mahapurusha Madhab deva celebrate at Dhakiakhua) । সোমবাৰে সদৌ অসম ভিত্তিত চিত্ৰাংকন, বৰগীত, সত্ৰীয়া নৃত্য, বক্তৃতা আৰু খোল বাদন প্ৰতিযোগিতাৰ আয়োজন কৰা হয় (Madhab deva birth anniversary in Jorhat) ৷ ইয়াৰ সমান্তৰালকৈ মঙলবাৰে পুৱাৰ ভাগত মুখ্য আকৰ্ষণ হিচাবে সাত ভনীৰ সমাহাৰেৰে এক সাংস্কৃতিক শোভাযাত্ৰা আৰু ভাগৱত ভ্ৰমণ কাৰ্যসূচী উলিয়াই উদ্যোক্তাসকলে । উল্লেখ্য যে, এই শোভাযাত্ৰাৰ প্ৰাকক্ষণত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমাৰ মন্ত্ৰী বিমল বৰা উপস্থিত হৈ নামঘৰত সেৱা লৈ সকলোৰে মংগল কামনা কৰে ৷ লগতে নামঘৰ পৰিচালনা সমিতিয়ে আয়োজন কৰা এই সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰে মন্ত্ৰীগৰাকীয়ে । এই শোভাযাত্ৰাত অসমৰ গায়ন বায়ন, ভাওনা সংস্কৃতিকে ধৰি বাৰেৰহণীয়া জনগোষ্ঠীয় কৃষ্টি-সংস্কৃতি প্ৰদৰ্শনৰ লগতে অৰুণাচল, নাগালেণ্ড, মিজোৰাম, মণিপুৰ, মেঘালয়, ত্ৰিপুৰাৰ পৰা অহা সাংস্কৃতিক দলে উক্ত শোভাযাত্ৰাত অংশগ্ৰহণ কৰি পুনৰ বৰ অসমৰ সম্প্ৰীতিৰ তথা সমন্বয়ৰ নিৰ্দশন দাঙি ধৰিছে ।