থলুৱা লোক বাদ্যযন্ত্ৰ সংৰক্ষণৰ ঢাউতি এগৰাকী লোক শিল্পী - সাপেখাটিৰ কানু ভোগবাৰীৰ এজন শিল্পী

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 15, 2021, 8:22 PM IST

থলুৱা লোক বাদ্যযন্ত্ৰ সংগ্ৰহ আৰু সংৰক্ষণ কৰি অসমীয়া সংস্কৃতি জীয়াই ৰখাৰ চেষ্টা কৰিছে চৰাইদেউ জিলাৰ সাপেখাটিৰ কানু ভোগবাৰীৰ এজন শিল্পীয়ে ৷ নিজ গৃহতে বৰ্তমান ৬৩ বিধ থলুৱা বাদ্য সংৰক্ষণ কৰাৰ লগতে ভৱিষ্যতে এশ বিধ থলুৱা বাদ্যযন্ত্ৰ সংগ্ৰহৰ লক্ষ্য লৈছে শিল্পীজনে ৷ থলুৱা লোক-বাদ্য সংগ্ৰহ এক নিচাত পৰিণত হোৱা শিল্পী অজিত গগৈয়ে ঢোল, খোল, শংখ, ঘণ্টা, কৰতাল, ঢাক, দগৰ, নাগৰা, বাঁহী, শিঙা ইত্যাদি প্ৰায়বোৰ লোকবাদ্য ঘৰতে সংৰক্ষণ কৰি ঘৰৰ এটি কোঠা ক্ষুদ্ৰ সংগ্ৰহালয়ত পৰিণত কৰিছে । উল্লেখ্য যে, ঢোলবাদনৰ লগতে প্ৰায়বোৰ লোকবাদ্য বজাব জনা শিল্পী গৰাকীয়ে দিহানাম, টোকাৰী গীত ঝুমুৰ আদি লোক সংগীততো পাৰ্গত । ৰাজ্যৰ বিভিন্ন প্ৰান্তত লোকবাদ্যৰ বিভিন্ন কৰ্মশালাত প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰি শ শ শিশু, কিশোৰ-কিশোৰীক প্ৰশিক্ষণ প্ৰদান কৰা এইগৰাকী শিল্পীয়ে আজিলৈকে লাভ কৰা নাই চৰকাৰৰ কোনো ধৰণৰ সুবিধা ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.