AAP Joining Programme: উচিত সময়ত আপে অসমৰ শ্বহীদৰ ত্যাগক উচিত মৰ্যদা দিব : দ্বীপজ্যোতি গগৈ

By

Published : Jul 15, 2022, 4:32 PM IST

thumbnail
‘‘আগন্তুক সময়ত অসমৰ শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰিব আম আদমী পাৰ্টিৰ আদৰ্শগত ছাত্ৰ সংগঠন ছাত্ৰ যুৱ সংগ্ৰাম সমিতিয়ে ৷ বৰ্তমানৰ গেৰুৱা চৰকাৰে কৰা ধৰ্মীয়, জাতিগত আদি ৰাজনীতিৰ বিপক্ষে মাত মাতি যাব এই সংগঠনটোৱে’’ ৷ শুকুৰবাৰে শিৱসাগৰ নগৰৰ প্ৰেছ ক্লাৱত আম আদমী পাৰ্টিৰ আদৰ্শগত ছাত্ৰ সংগঠন ছাত্ৰ যুৱ সংগ্ৰাম সমিতিয়ে আয়োজন কৰে এক যোগদান কাৰ্যসূচীত (AAP joining programme in Sivasagar)এই মন্তব্য কৰে সংগঠনটোৰ সম্পাদক দ্বীপজ্যোতি গগৈয়ে ৷ যোগদান কাৰ্যসূচীৰ পিচতে আয়োজিত সংবাদ মেলতে আপ দলে অসমত ৰাষ্ট্ৰীয়তাবাদক অধিক প্ৰাধান্য দি জাতীয়তাবাদক উপেক্ষা কৰা বুলি সাংবাদিকে কৰা প্ৰশ্ন উত্তৰত সম্পাদক দ্বীপজ্যোতি গগৈয়ে কয় যে, সময় অহাৰ লগে লগে অসমৰ ৰাইজৰ,অসমৰ শ্বহীদ তথা বৰেণ্য ব্যক্তিসকলৰ ত্যাগক পূৰ্ণ মৰ্যাদা দিয়া হ'ব । উল্লেখ্য যে, শুকুৰবাৰৰ এই যোগদান কাৰ্যসূচীত প্ৰায় 20গৰাকী ছাত্ৰ-ছাত্ৰীয়ে যোগদান কৰে (Many people joined in Raijor dal at Sivasagar)৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.