River erosion in Lakhimpur : বিহপুৰীয়াত সোৱণশিৰিৰ কালৰূপ - খহনীয়াই ভয়ংকৰ ৰূপ লৈছে
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-14942265-404-14942265-1649237014890.jpg)
চ’ত মাহতেই লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ ধুনাগুৰিত সোৱণশিৰি নৈয়ে তাণ্ডৱ লীলা আৰম্ভ কৰিছে । কেইবা ঠাইতো খহনীয়াই ভয়ংকৰ ৰূপ লৈছে (Subansiri river erosion in Bihpuria)৷ সোৱণশিৰিৰ এই ভয়াৱহ খহনীয়াৰ (Devastating erosion by Subansiri) ভয়ত কেইবাটাও পৰিয়ালে নিজৰ নিজৰ বাসগৃহ স্থানান্তৰ কৰিছে । ইফালে খহনীয়াত জাহ গ'ল অঞ্চলটোৰ এটা ৰঙ্গমঞ্চ । জলসম্পদ বিভাগৰ ১৪ কোটি টকীয়া বান প্ৰতিৰোধী আঁচনিৰ আৰম্ভণিতে লাগিছে কেনা ৷ নৱ-নিৰ্মিত বান প্ৰতিৰোধী মথাউৰিৰ নিৰ্মাণ চলি থকাৰ সময়তে মথাউৰিটোৰ কিছু অংশ জাহ গৈছে নদীৰ বুকুত । যাৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে আঁচনি ৰূপায়ণত বিলম্ব কৰাৰ অভিযোগ তুলিছে স্থানীয় লোকসকলে । ইফালে নৈখনৰ খহনীয়াত জাহ যোৱাৰ উপক্ৰম ঘটিছে এখন প্ৰাথমিক বিদ্যালয় । যাৰ ফলত এতিয়া বিনিদ্ৰ ৰজনী কটাব লগীয়া হৈছে অঞ্চলবাসীয়ে ।
Last Updated : Feb 3, 2023, 8:22 PM IST