বঙাইগাঁৱত অবৈধ কাঠ ফলা মিল সহ লক্ষাধিক টকাৰ কাঠ জব্দ

By

Published : Jul 11, 2021, 8:57 PM IST

thumbnail
অন্যান্য জিলা সমূহৰ সমান্তৰালকৈ বঙাইগাঁৱতো অব্যাহত আছে অপৰাধজনিত কাৰ্যৰ বিৰুদ্ধে আৰক্ষী তথা বন বিভাগৰ অভিযান ৷ দেওবাৰে বঙাইগাঁও জিলা আৰু চিৰাং জিলাৰ সীমামূৰীয়া অঞ্চলৰ দক্ষিণ কাছদহাত বন বিভাগে এটা অভিযান চলায় ৷ বন বিভাগৰ অভিযানত এটা অবৈধ কাঠ মিল সহ প্ৰায় এক লাখ টকাৰ কাঠ আৰু এখন টেক্টৰৰ লগতে এখন মাল টনা টাটা মেজিক জব্দ কৰে বন বিভাগে । বঙাইগাঁও জিলা বন বিভাগৰ বন সুৰক্ষা কৰ্মী আৰু মাণিকপুৰ বন উপ সংমণ্ডলৰ যৌথ অভিযানত এই অবৈধ কাঠফলা মিল সহ বৃহৎ পৰিমানৰ কাঠ জব্দ কৰিবলৈ সক্ষম হয় । জব্দ কৃত কাঠখিনিৰ মূল্য প্ৰায় ১ লাখ টকা হ’ব বুলি অনুমান কৰিছে বন বিভাগে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.