thumbnail

By

Published : Apr 6, 2021, 7:29 PM IST

Updated : Apr 6, 2021, 7:41 PM IST

ETV Bharat / Videos

ছয়গাঁৱত ৰেকিবুদ্দিনৰ পত্নীক আক্ৰমণ দুৰ্বৃত্তৰ

ৰাজ্যত অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ আগনিশা অৰ্থাৎ সোমবাৰে নিশা ছয়গাঁৱত সংঘটিত হয় এক হিংসাত্মক ঘটনা ৷ সোমবাৰে সন্ধিয়া ছয়গাঁও সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰেকিবুদ্দিন আহমেদৰ পত্নীক আক্ৰমণ কৰে দুৰ্বৃত্তই ৷ ৰেকিবুদ্দিনৰ পত্নী নুৰী খানক লক্ষ্য কৰি ৰড, লাঠীৰে আক্ৰমণ কৰে দুৰ্বৃত্তই । এই আক্ৰমণত নুৰী খানে ব্যৱহাৰ কৰা AS 01 EN 8313 নম্বৰ বাহনখনৰ ক্ষতিসাধন হয় ৷ এই ঘটনাৰ পাছতে উত্তপ্ত হৈ পৰে পৰিস্থিতি ৷ যাৰ পাছতে গৰৈমাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ ইফালে ছয়গাঁৱৰ হাতীপাৰাতো কংগ্ৰেছৰ কাৰ্যালয়ত দুৰ্বৃত্তই আক্ৰমণ চলায় ৷
Last Updated : Apr 6, 2021, 7:41 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.