ক’ভিড 19: কঠোৰ হৈছে তিনিচুকীয়া প্ৰশাসন - ক’ভিড-19ৰ নতুন নীতি নিৰ্দেশনা

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 13, 2021, 5:30 PM IST

Updated : May 14, 2021, 9:28 AM IST

বৃহস্পতিবাৰৰ পৰা সমগ্ৰ অসমৰ লগতে তিনিচুকীয়াটো বলৱৎ হৈছে ক’ভিড-19 ৰ নতুন নীতি নিৰ্দেশনা ৷ দিনৰ 1 বজাৰ লগে লগে সকলো দোকান-পোহৰ বন্ধ কৰা হৈছে আৰু 2 বজাৰ লগে লগে সকলো যান-বাহন আৰু ব্যক্তিৰ চলাচল ৰাজপথত নিষেধ কৰিছে । একেদৰে চহৰ আৰু নগৰ সমিতি এলেকাৰ ৫ কিল’মিটাৰ ব্যাসাৰ্ধৰ ভিতৰৰ অঞ্চললৈকে সকলো দোকান-পোহাৰ দিনৰ ১ বজাত বন্ধ কৰিব লাগিব । এই অঞ্চলসমূহত দিনৰ ২ বজাৰ পৰা পুৱা ৫ বজালৈ ৰাজহুৱা স্থানত নিষিদ্ধ কৰা হৈছে সকলো লোকৰ আহ-যাহ । গ্ৰামাঞ্চলত দিনৰ ২ বজালৈকে দোকান-পোহাৰ খোলা ৰাখিব পাৰিব । সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৫ বজালৈকে সেই অঞ্চলত বলৱৎ থাকিব সান্ধ্য আইন । দিনৰ ১ বজালৈকে গ্ৰাহকক খাদ্য যোগান ধৰিব পাৰিব ৰেষ্টুৰেণ্ট, ধাবা, হোটেল আদিয়ে । পৰৱৰ্তী ১৫ দিনৰ বাবে বন্ধ ঘোষণা কৰা হৈছে সকলো সাপ্তাহিক হাট-বজাৰ । সকলো শৈক্ষিক প্ৰতিষ্ঠানৰ শ্ৰেণী বন্ধ থাকিব পৰৱৰ্তী ১৫ দিনলৈ । বৃহস্পতিবাৰৰ পৰা ১৫ দিনৰ বাবে বন্ধ ঘোষণা কৰা হৈছে সকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয় । ৫ শতাংশতকৈ অধিক ক'ভিড চিনাক্ত ৰোগী থকা অঞ্চল ঘোষণা কৰা হ’ব কণ্টেইনমেণ্ট জ'ন হিচাপে ।
Last Updated : May 14, 2021, 9:28 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.