Thieves cut open three ATMs: ৰহাত এ টি এম ভাঙি চোৰৰ ধন লুট

By

Published : Jan 10, 2022, 12:23 PM IST

thumbnail

দেওবাৰে নিশা ৰহাত চোৰে লুটিলে লক্ষাধিক টকা (Thieves loot Lakhs of rupees from ATM at Raha) ৷ তিনিটাকৈ এ টি এম মেচিন অতি বিচক্ষণতাৰে কাটি উলিয়াই লৈ যায় কেইবা লক্ষাধিক টকা (Thieves cut open three ATMs at Raha) ৷ ভাৰতীয় ষ্টেট বেংক ৰহা শাখাৰ গাতে লাগি থকা এ টিএমত সংঘটিত হৈছে এই চুৰিকাণ্ড ৷ প্ৰাতঃভ্ৰমণ কৰিবলৈ যোৱা লোকে তিনিটাকৈ এ টি এম লণ্ড-ভণ্ড হৈ থকা দেখি ৰহা আৰক্ষীক খবৰ দিয়ে ৷ আৰক্ষীয়ে তৎক্ষণাত ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰে অনুসন্ধান ৷ নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰাই জানিবলৈ দিয়া মতে, আৰক্ষীৰ হাতত চিচিটিভি ফুটেজৰ কিছু অংশ ইতিমধ্যেই আহি পৰিছে ৷ আৰক্ষী অধীক্ষক গৰাকীৰ ভাষ্য অনুসৰি, গেছকাটাৰ যন্ত্ৰ ব্যৱহাৰ কৰি চোৰে সংঘটিত কৰিছে এই চুৰিকাণ্ড ৷ অতি সোনকালে দুৰ্বৃত্তৰ দল আৰক্ষীৰ জালত পৰিব বুলি মন্তব্য কৰিছে আৰক্ষীয়ে ৷ ৰহা চহৰৰ মাজ মজিয়াত প্ৰথমবাৰলৈ সংঘটিত এই এ টি এমৰ চুৰি কাণ্ডই সমগ্ৰ আঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.